সদৌ অসম মিচিং জ্যেষ্ঠ নাগৰিক সন্থাৰ এখনি জৰুৰী বৰ্ধিত কাৰ্যনিৰ্বাক সভা সোমবাৰে লখিমপুৰ জিলাৰ চৰাইমৰীয়াৰ সোণাধৰ পাতিৰ ভৱনত অনুষ্ঠিত হয় ৷
মিচিং জ্যেষ্ঠ নাগৰিক সন্থাৰ কেন্দ্ৰীয় সভাপতি সোণাধৰ পাতিৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা জ্যেষ্ঠ নাগৰিক সন্থাৰ কেন্দ্ৰীয় সম্পাদক ভূমিৰঞ্জন দলেয়ে ৷ সভাত সাম্প্ৰতিক সময়ত মিচিং জনজাতিসকলৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং, ষষ্ঠ অনুসূচী আৰু মিচিং ভাষা শিক্ষাৰ মাধ্যমক লৈ সৃষ্টি হোৱা অৰুচিকৰ বক্তব্য আৰু অপ্ৰীতিকৰ ঘটনাক লৈ গভীৰভাৱে আলোচনা কৰা হয় ৷
সভাত সৰ্বসন্মতি ক্ৰমে মিচিং জাতিৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙক অসম চৰকাৰৰ দ্বাৰা কৃষি দিৱস হিচাপে পালন কৰিবলৈ অসম চৰকাৰক দাবী জনোৱাৰ লগতে উক্ত দিনটো সম্পূৰ্ণৰূপে ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিবলৈ দাবী জনোৱা হয় ৷
লৃগাঙৰ দিনা ৰাজ্যিক বন্ধ হিচাপে ঘোষণাৰ দাবীত ২৫ নৱেম্বৰত গুৱাহাটীৰ চচলত আন্দোলন কৰিবলৈ অহা একাংশ মহিলাক একাংশ মিচিং যুৱকে কৰা অভব্য ব্যৱহাৰ আৰু তেওঁলোকক মিচিং নহয় বুলি মন্তব্য দিয়াটো সভাই তীব্ৰ গৰিহণা দি প্ৰস্তাৱ লোৱা হয় ৷

একেদৰে ১৩ নৱেম্বৰত লৃগাঙৰ দিনা ৰাজ্যিক বন্ধ ঘোষণাৰ দাবীত ধেমাজি জিলা উপায়ুক্তক স্মাৰক পত্ৰ দিবলৈ যোৱা বিদ্যুৎ পেগু, লক্ষ্যজিৎ মিলিক মিচিং জাতীয় সংগঠনৰ নামদাৰী একাংশ যুৱকে মাৰধৰ কৰা কাৰ্য কোনোপধ্যেই মানি ল’ব নোৱাৰি বুলি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷ উক্ত সভাত সকলো পক্ষক শান্তিপূৰ্ণ, গণতান্ত্ৰিক সহাৱস্থানেৰে নিজৰ প্ৰাপ্য অধিকাৰ দাবীৰ পক্ষে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷
সভাত মিচিং ভাষাক প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰি মিচিং ভাষাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনোৱা হয় ৷ তেওঁলোকে আলি আঃয়ে লৃগাঙক কেন্দ্ৰ কৰি সামাজিক পৰিৱেশ বিঘ্নিত নকৰিবলৈ সকলোপক্ষকে আহ্বান জনায় ৷

