Breaking

কৰ্ণাটকত অনলাইনত অৰ্ডাৰ দিয়া বিৰিয়ানী খাই মৃত্যু ২০ বছৰীয়া এগৰাকী যুৱতীৰ…

0 67

আন এক সন্দেহযুক্ত খাদ্য বিষক্ৰিয়াৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ ঘটনাৰ স্থান হ’ল কৰ্ণাটকৰ মাংগালুৰু। ফুড পইজনিঙৰ এই ঘটনা আজি পোহৰলৈ আহিছে। অনলাইনত অৰ্ডাৰ দিয়া খাদ্যৰ বিষক্ৰিয়াত প্ৰাণ হেৰুৱাইছে মাংগালুৰুৰ এগৰাকী যুৱতীয়ে।

ঘটনাৰ বিৱৰণীৰ মতে যোৱা ৩১ ডিচেম্বৰত এগৰাকী ২০ বছৰীয়া যুৱতীয়ে স্থানীয় মাংগালুৰুৰ কাছাৰাগোডৰ এখন ৰেষ্টুৰেণ্টৰ অনলাইন যোগে বিৰিয়ানী অৰ্ডাৰ কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, পেৰুম্বালাৰ অঞ্জু শ্ৰীপাৰ্বতী নামৰ যুৱতীগৰাকীয়ে যোৱা ৩১ ডিচেম্বৰত কাছাৰাগোডৰ ৰোমানছিয়া নামৰ ৰেষ্টুৰেণ্টৰ পৰা অনলাইনত ক্ৰয় কৰা বিৰিয়ানী খাই চিকিৎসাধীন হৈ আছিল। শনিবাৰে চিকিৎসাধীন অৱস্থাতে যুৱতীগৰাকীৰ মৃত্যু হয়। ইতিমধ্যে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছে। আৰক্ষীয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছত এটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীক তাৰ পৰা কৰ্ণাটকৰ মাংগালুৰুৰ আন এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই মৃত্যু হয়। ইফালে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে।

পাঠানমথিটাত সাংবাদিকৰ আগত স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে কয় যে, এই সন্দৰ্ভত খাদ্য সুৰক্ষা আয়ুক্তক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। খাদ্যৰ বিষক্ৰিয়াৰ অভিযোগত অভিযুক্ত হোটেলসমূহৰ অনুজ্ঞাপত্ৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন (এফ এছ এছ এ)ৰ অধীনত বাতিল কৰা হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে কৰ্ণাটকত চলিত সপ্তাহৰ আৰম্ভণিতে কোজিকোডৰ আন এখন ৰেষ্টুৰেণ্টৰ পৰা খাদ্য গ্ৰহণ কৰি কোট্টাইম মেডিকেল কলেজৰ এগৰাকী নাৰ্ছৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছিল।

Leave A Reply