Breaking

২৩ বছৰীয়া যুৱকৰ হাতত প্ৰান গ’ল স্কুলীয়া ছাত্ৰৰ। টকাৰ লেনদেনৰ বাবেই সংঘটিত এই হত্যাকাণ্ড…

0 117

তৰোৱালেৰে ঘপিয়াই যুৱকক হত্যা,মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড। ২৩ বছৰীয়া যুৱকৰ হাতত প্ৰান গ’ল স্কুলীয়া ছাত্ৰৰ। টকাৰ লেনদেনৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড,সাত লাখ টকা মুক্তিপণ দাবী। গুৱাহাটী মহানগৰত পুনৰ ভয়ংকৰ ঘটনা । মহানগৰীৰ বোন্দা আমচিং অঞ্চলত এজন ১৫ বছৰীয়া যুৱকক তৰোৱালেৰে ঘপিয়াই হত্যা কৰা হৈছে । বুধবাৰে অৰ্থাত ৯ আগষ্টত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত আজি সংবাদমেল যোগে সবিস্তাৰে প্ৰকাশ কৰে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি নিহত যুৱকজন বেলতলা বনগাঁৱৰ নিবাসী নিতেশ কুমাৰ । ১৫ বছৰীয়া নিতেশ কুমাৰ বেলতলাৰ মহৰ্শি বিদ্য়ামন্দিৰৰ দশম শ্ৰেনীৰ ছাত্ৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন অভিষেক বৰুৱা । অভিযুক্ত ২৩ বছৰীয়া অভিষেক বৰুৱাই সংঘটিত কৰিছিল এই হত্যাকাণ্ড । হত্যাকাণ্ডৰ পাচতে নিতেশ কুমাৰৰ পিতৃ ৰাজেশ কুমাৰক ৭ লাখ টকা দাবী কৰিছিল অভিষেক বৰুৱাই । ৰাজেশ কুমাৰে বশিষ্ট আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰোৱাৰ পাচত বশিষ্ট আৰক্ষীয়ে ক্ৰাইম ব্ৰান্সৰ সহযোগত অপৰাধীক গ্ৰেপ্তাৰ কৰে ।

ঘটনাৰ সূত্ৰ অনুসৰি ২০১৯ বৰ্ষতে অনলাইন গেমযোগে চিনাকী হৈছিল নিতেশ কুমাৰ আৰু অভিষেক বৰুৱাৰ । তাৰ পাচতে দুয়োৰে মাজত বন্ধুত্বমুলক সম্পৰ্ক গঢ়ি উঠে । ইয়াৰ পাচতে আৰম্ভ হয় টকাৰ লেন দেন । অভিষেক বৰুৱাই আৰক্ষীক জনোৱা মতে নিতেশ কুমাৰে বিভিন্ন সময়ত তেওৰ পৰা টকা ধাৰলৈ লৈছিল কিন্তু ঘুৰাই দিয়া নাছিল । তাৰ পাচতো তেওলোকৰ মাজত চলি আছিল ধনৰ লেনদেন । তাৰ মাজতে বুধবাৰে অৰ্থাত ৯ আগষ্টত দুয়ো বন্ধু আমচাঙ-বোন্দাৰ দিশত ফুৰিবলৈ গৈছিল । তাতেই মতানৈক্য ঘটি সংঘটিত হয় এই ঘটনা ।

Leave A Reply