Breaking

চামতাত ৫ দিনীয়া বিহু নৃত্য, ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন সীমান্ত শেখৰৰ

0 78

চামতাত উপস্থিত হয় অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ।

চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত জামৰতল, পাঠকপাৰা নামঘৰ সমিতি, “সৃষ্টি ডেঞ্চ এণ্ড ড্ৰামা ফাউণ্ডেছন”ৰ অধ্যক্ষ আৰু কৰ্মকৰ্তাসকল, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ বিষয় ববীয়া, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয় ববীয়াৰ লগত এক আলোচনা চক্ৰত ভাগ লয় শেখৰে।

উল্লেখ্য যে উক্ত স্থানতে অহা ২৮ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ ৫ দিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে বিহু নৃত্য আৰু ঢোল বাদনৰ এক বিশেষ কৰ্মশালাৰ।

শিৱসাগৰৰ চৰাইদেউৰ বিহু হুঁচৰি দলৰ কেইগৰাকী মান অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব লগা উক্ত কৰ্মশালাই চমতা অঞ্চলৰ নতুন প্ৰজন্মৰ কিশোৰ কিশোৰী তথা যুৱক যুৱতী সকলক বিশেষ ভাৱে উপকৃত কৰিব বুলি আশাবাদী সীমান্ত শেখৰ।

আলোচনা চক্ৰত চামতা অঞ্চলৰ গণ্যমান্য ব্যক্তি সকলৰ সৈতে মিলিত হৈ কৰ্মশালাৰ প্ৰশিক্ষণ সন্দৰ্ভত স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰে চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে।

সম্পূৰ্ণ বিনামূলীয়া উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থী সকলক সামৰণিৰ দিনা প্ৰমাণ পত্ৰ প্ৰদান কৰা হব বুলিও সীমান্ত শেখৰে জানিব দিয়ে।

Leave A Reply