Breaking

উত্তৰ প্ৰদেশৰ লখিমপুৰ-খেৰী জিলাত জেৰাৰ বাবে মাতি অনা ৫০ বছৰীয়া দলিত ব্যক্তিৰ মৃত্যু…

0 13

ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি মিটৌলী থানাত সংঘটিত হোৱা ঘটনাত নাবালক হত্যাৰ সৈতে জড়িত গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে অনা আশাৰাম নামৰ ৫০ বছৰীয়া দলিত ব্যক্তিৰ শুকুৰবাৰে নিশা মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা মতে, মৃত লোকজনে পেটৰ বিষৰ অভিযোগ দিয়াৰ পাছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত ঘোষণা কৰা হয়।

একে সময়তে মৃতকৰ পৰিয়ালে বেয়াকৈ প্ৰহাৰ কৰাৰ লগতে বিদ্যুৎস্পৃষ্ট কৰাৰো অভিযোগ উত্থাপন কৰিছে।খেৰীৰ আঞ্চলিক বিষয়া (চি অ’) চমশ্বেৰ বাহাদুৰ সিঙে কয় যে প্ৰতিবাদকাৰীসকলে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস লাভ কৰি সন্ধিয়া বিক্ষোভৰ অন্ত পেলায়।বৰ্তমান মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।ইতিমধ্যে বিষয়টোৰ তদন্ত আৰম্ভ হৈছে।

Leave A Reply