Breaking

আমেৰিকাৰ আলাস্কাত ৭.৩ ৰিখটাৰ স্কেলৰ ভূঁইকঁপ। জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কবাণী…

0 54

আমেৰিকাৰ আলাস্কাত ৭.৩ ৰিখটাৰ স্কেলৰ ভূঁইকঁপ। জাৰি কৰা হৈছে সতৰ্কবাণী। আমেৰিকাৰ আলাস্কাৰ উপকূলত ভয়ংকৰ ভূমিকম্প। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৭.৩। এই কঁপনিবোৰ ইমানেই প্ৰবল আছিল যে ইয়াৰ পিছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। অৱশ্যে এই ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ সঠিক তথ্য এতিয়াও প্ৰকাশ পোৱা নাই। ইউ এছ জি এছৰ মতে, এই ভূমিকম্পৰ গভীৰতা ৯.৩ কিলোমিটাৰ (৫.৭৮ মাইল)। আলাস্কা ভূমিকম্প কেন্দ্ৰই জনোৱা মতে, আলাস্কা উপদ্বীপ, আলেউচিয়ান দ্বীপপুঞ্জ আৰু কুক ইনলেট অঞ্চলত প্ৰবল কম্পন অনুভৱ কৰা হৈছে।

১৯৬৪ চনত আলাস্কাত ৯.২ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, যিটো উত্তৰ আমেৰিকাত এতিয়ালৈকে হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্প বুলি গণ্য কৰা হয়। তাৰ পিছত ভূমিকম্প আৰু ছুনামীৰ ফলত ২৫০ৰো অধিক লোকৰ মৃত্যু হয়।

Leave A Reply