গোৰেশ্বৰ-খৈৰাবাৰী ৰাজপথত বৃহৎ ফাট। যিকোনো মূহুৰ্তত যাতায়ত বন্ধ হৈ পৰাৰ আশংকা…

এফালৰ পৰা বৃহৎ ফাট মেলিলে গোৰেশ্বৰ-খৈৰাবাৰী ৰাজপথত। পথ নে যমদূত ধৰিবয়ে নোৱাৰি যিকোনো মূহুৰ্তত যাতায়ত বন্ধ হৈ পৰাৰ আশংকা। বৰ্তমান শাসনাধিষ্ট দলৰ মূৰব্বী প্ৰমোদ বড়োৰ বিটিআৰৰ ওদালগুৰি আৰু বাক্সা জিলা সংযোগী গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰেশ্বৰ-খৈৰাবাৰী অন্যতম পথটোৰে বিপদসংকূল ভাৱে যাতায়ত অব্যাহত ৰাখিছে সৰ্বসাধাৰণ ৰাইজে। যিটো সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰতবৰ্ষৰ ভিতৰতে অসমক উন্নয়নৰ ক্ষেত্ৰত প্ৰথম স্থানত ৰাখিবলৈ সপোন দেখিছে, কিন্তু তেনে সময়ত এতিয়া বিশেষকৈ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ওদালগুৰি আৰু বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত ৰাস্তা-পথ দুৰৱস্থাই যমৰ যান্ত্ৰণা ভূগাই আহিছে। গোৰেশ্বৰ-খৈৰাবাৰী সংযোগী অন্যতম ব্যস্ত পথটোৰে এতিয়া যাতায়ত কৰিবলৈ হ’লে হাজাৰ বাৰ ভাবিব লাগিব পথচাৰীয়ে। ওদালগুৰি ,বাক্সা আৰু দৰং তিনিখনকৈ জিলা সংযোগী পথটোৰ কেইবাটাও স্থানত বৃহৎ-বৃহৎ ফাটৰ সৃষ্টি হৈছে। যাতায়ত পথটো কেবাস্থানতো ফাঁট মেলি বহি যোৱাত সেয়েহে এতিয়া যাতায়তৰ বাধিত হোৱাৰ শংকা ঘণীভূত হৈ পৰিছে। কাষৰে বৈ যোৱ এটা জানৰ পাৰে পাৰে মাটি বহি গৈ গড়কপ্তানি বিভাগৰ এটি ব্যস্ত পথটোলৈ এতিয়া ভাবু্কি কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে গড়কপ্তানি বিভাগে মাথো কেইটামান বস্তা দি বিপদ সংকেত দিয়েই তেওঁলোকৰ দায়িত্ব সামৰি হাত সাৱটি বহি আছে। ইফালে কিন্তু প্ৰতিদিনে বিলাসী বাহনত চাইৰেণ্ট বজায় ৰজাঘৰীয়াৰ বৰমুৰীয়া নেতা পালিনেতাকে ধৰি গড়কাপ্তনি বিভাগৰ বিষয়ববীয়া সকলে নিতৌ অহা যোৱা কৰে। তথাপিও কিন্তু মাহৰ পিছত মাহ গ’ল পিছে চকুত নপৰিল এই জহি-খহি যাবলৈ ধৰা পথছোৱা মেৰামতি কৰি সৰ্বসাধাৰণ ৰাইজক যাতায়তৰ সু-ব্যৱস্থা কৰি দিবলৈ। উল্লেখ্য এই পথটোৰে গোৰেশ্বৰৰ পৰা দৰং আৰু ওদালগুৰি জিলালৈ অহা -যোৱাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পথ। কিন্তুু এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত গড়কপ্তানি বিভাগটোৱে বৰ্তমানলৈকে মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে দল-সংগঠন‌ স্থানীয় অঞ্চলবাসী ৰাইজ । সেয়েহে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামুলপুৰ জিলা আৰু গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে শীঘ্ৰই পথছোৱা মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিটিআৰ চৰকাৰক দাবী জনাইছে।

Related Articles