Breaking

প্ৰচণ্ড সোঁতত আবদ্ধ এখন বাছ, খিৰিকীৰে ওলাবলৈ চেষ্টা যাত্ৰীসকলৰ! হাহাকাৰময় পৰিৱেশ…

0 96

প্ৰচণ্ড সোঁতত আবদ্ধ এখন বাছ, খিৰিকীৰে ওলাবলৈ চেষ্টা যাত্ৰীসকলৰ। উত্তৰাখণ্ডত হোৱা অবিৰত বৰষুণৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ। ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰাখণ্ডৰ বিভিন্ন নদীৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে সকলো নদীৰ ঘাট পানীত ডুব গৈছে। এনে পৰিস্থিতিৰ মাজতে দেখা গ’ল এক ভয়ংকৰ দৃশ্য। হৰিদ্বাৰলৈ অহা ৰ’জৱেজ এখন বাছ পানীৰ সোঁতত আবদ্ধ হৈ পৰে, যাৰ ভিডিঅ’ চৰ্চালৈ আহিছে। এই ভিডিঅ’টো ডেৰাডুনৰ শিমলা বাইপাছ চ’কৰ সমীপৰ ৰামগড় গাঁৱৰ। হিমাচলৰ পৰা অহা এখন বাছ চণ্ডীগড়ৰ পৰা হৰিদ্বাৰলৈ গৈ আছিল তেনেতে বৰষুণৰ পানীৰ সোঁতত আবদ্ধ হৈ পৰে বাছখন। ইয়াৰ বাবেই বাছখনৰ যাত্ৰীসকলে আতংকিত পৰিছে সকলো।

বাছত বহি থকা যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিৱেশ। ভাইৰেল হোৱা ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যাত্ৰীসকলে কান্দিবলৈ আৰম্ভ কৰে। তথ্য পোৱাৰ লগে লগে পেটেল নগৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সকলো যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰে।

ইফালে ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰাখণ্ডৰ গড়ৱাল সংমণ্ডলৰ ৰুদ্ৰপ্ৰয়াগত মন্দাকিনি আৰু অলকনন্দৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ৰুদ্ৰপ্ৰয়াগত অলকনন্দ আৰু মন্দাকিনীৰ সংগমস্থলীত নিৰ্মিত ঘাট আৰু মন্দিৰসমূহ পানীত ডুব গৈছে। প্ৰশাসনে ৰাইজক সতৰ্কবাণী জাৰি কৰিছে। নদীৰ পাৰত বসবাস কৰা লোকসকলক আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে।

Leave A Reply