Breaking

সনাতন ধৰ্মৰ প্ৰশংসাত পঞ্চমুখ আমেৰিকা…

0 72

ভাৰতৰ ডি এম কে আৰু কংগ্ৰেছ দলৰ নেতাসকলে সনাতন ধৰ্ম সন্দৰ্ভত দিয়া বিতৰ্কিত বক্তব্যৰ মাজতে আমেৰিকাৰ এখন চহৰে ৩ ছেপ্টেম্বৰক সনাতন ধৰ্ম দিৱস হিচাপে ঘোষণা কৰিছে। লুইচভিল (কেন্টাকি)ৰ মেয়ৰে বহু ভাৰতীয় ধৰ্মগুৰুৰ উপস্থিতিত এই বৃহৎ ঘোষণা কৰিছে। ভাৰতৰ একাংশ নেতাই সনাতন ধৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰি সংবাদ মাধ্যমৰ কভাৰেজ লাভ কৰিছে। আনহাতে সনাতন ধৰ্মৰ প্ৰশংসা সমগ্ৰ বিশ্বতে হৈ আছে। দৰাচলতে জি-২০ সন্মিলনৰ বাবে ভাৰতলৈ অহাৰ পূৰ্বে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক কৈছিল, ‘মই মোৰ পূৰ্বপুৰুষ, মোৰ শিপা আৰু ভাৰতৰ সৈতে মোৰ সম্পৰ্কক লৈ গৌৰৱান্বিত আৰু এজন গৌৰৱান্বিত হিন্দু হোৱাৰ বাবে ভাৰতৰ সৈতে মোৰ সদায় সম্পৰ্ক থাকিব। আনহাতে, আমেৰিকাৰ লুইছভিল (কেন্টাকি)ৰ মেয়ৰে চহৰখনত ৩ ছেপ্টেম্বৰক সনাতন ধৰ্ম দিৱস হিচাপে ঘোষণা কৰিছে।

আমেৰিকাৰ এখন চহৰত সনাতন ধৰ্ম দিৱস উদযাপন কৰাৰ ঘোষণাত কেৱল আমেৰিকাতে নহয় ভাৰততো কোটি কোটি হিন্দুৱে গৌৰৱ অনুভৱ কৰিছে। লুইছভিলৰ কেন্টাকিৰ হিন্দু মন্দিৰত অনুষ্ঠিত হোৱা মহাকুম্ভ অভিষেকম উৎসৱৰ সময়ত মেয়ৰ ক্ৰেগ গ্ৰীনবাৰ্গৰ হৈ উপ-মেয়ৰ বাৰ্বাৰা চেক্সটন স্মিথে ৩ ছেপ্টেম্বৰত সনাতন দিৱস উদযাপনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। সমগ্ৰ বিশ্বতে উত্তোলন হৈছে সনাতন ধৰ্মৰ পতাকা। ভাৰতৰ ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানৰ শাখাসমূহ সমগ্ৰ বিশ্বতে বিয়পি আছে। য’ত হৰিদ্বাৰৰ শান্তিকুঞ্জ চৌহদৰ পৰা চলি থকা অখিল বিশ্ব গায়ত্ৰী পৰিবাৰ, আৰ্ট অৱ লিভিং আৰু চিন্ময় মিছনৰ দৰে বহু সংগঠনৰ কেন্দ্ৰ আমেৰিকা আৰু ইউৰোপৰ চুকে-কোণে মুকলি। এতিয়া মুছলমান দেশতো সনাতন হিন্দু ধৰ্মৰ মন্দিৰ নিৰ্মাণ কৰা হৈছে। কিছুদিন পূৰ্বে তামিলনাডুৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী উধয়ানিধিয়ে যোৱা ২ ছেপ্টেম্বৰত চেন্নাইত আয়োজিত এক কাৰ্যসূচীত সনাতন ধৰ্ম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ সনাতন ধৰ্মক ক’ৰ’না ভাইৰাছ সংক্ৰমণ, ডেংগু আৰু মেলেৰিয়াৰ সৈতে তুলনা কৰি নিৰ্মূলৰ পোষকতা কৰিছিল। উধয়ানিধিৰ এই বক্তব্যক সমৰ্থন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গে। একেদৰে কৰ্ণাটক কংগ্ৰেছৰ নেতাসকলেও সনাতন সন্দৰ্ভত বিতৰ্কিত বক্তব্য প্ৰদান কৰিছে। হিন্দু ধৰ্মক লৈ চলি থকা বাক্যবাণৰ মাজতে কৰ্ণাটকৰ গৃহমন্ত্ৰী তথা কংগ্ৰেছ নেতা জি. ঈশ্বৰে ইয়াৰ উৎপত্তিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল।

Leave A Reply