Breaking

জ্যোতি চিত্ৰবনত কবিতা আৰু নৃত্যৰ অপৰূপ সমাহাৰ

0 55

অসমৰ নৃত্যৰ ক্ষেত্ৰখনত নিজৰ সৃষ্টিশীল প্ৰতিভাৰে গুণী এগৰাকী নৃত্যকৰ তথা নৃত্য পৰিচালক হিচাপে নিজকে প্ৰতিস্থা কৰিবলৈ সক্ষম হোৱা জিন্তু বৰপুজাৰীৰ আন এক পৰিচয় হৈছে কবি। কলেজীয়া দিনৰে পৰা নৃত্যৰ সমান্তৰালভাৱে কাব্য চৰ্চা আৰু গীত ৰচনাৰে সাধনা অব্যাহত ৰখা জিন্তু বৰপুজাৰীৰ নৱতম কাব্যগ্ৰন্থ ‘দুখী তানপুৰা’ প্ৰকাশ কৰি উলিয়াইছে বি এণ্ড এম পাবলিচাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছে।

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত এক আড়ম্বৰপূৰ্ণ অনুস্থানত সেই গ্ৰন্থখন উন্মোচন কৰে অসমৰ স্বনামধ্য কবি নীলিম কুমাৰ, জ্যোতি চিত্ৰবনৰ জ্যেষ্ঠ বিষয়া দীপক দত্ত আৰু লেখিকা সুচিত্ৰা ৰাভা সাহাই। ৫১টি কবিতাৰ সংকলনখনত মূলতঃ প্ৰেম আৰু জীৱনবোধৰ কবিতাক প্ৰাধান্য দিয়া হৈছে।

গ্ৰন্থখন উন্মোচন কৰি উন্মোচক নীলিম কুমাৰে কয় যে গ্ৰন্থৰ উন্মোচন পাঠকেহে কৰে। পাঠকে গ্ৰন্থখন অধ্যয়ন কৰাৰ লগে লগেই প্ৰকৃততে গ্ৰন্থখন উন্মোচিত হয়। জিন্তু বৰপুজাৰীৰ কবিতাৰ গীতিময়তা তথা শব্দৰ লাবন্যৰ শলাগ লৈ উন্মোচক সুচিত্ৰা ৰাভাই দুটি কবিতা পাঠ কৰি শুনায়।


এই অনুষ্ঠানৰ আটাইতকৈ আকৰ্শনীয় দিশটো আছিল জিন্তু বৰপুজাৰীৰ কবিতাৰ আধাৰত পৰিৱেশিত নৃত্য। কাব্যগ্ৰন্থ দুখী তানপুৰাৰ শীৰ্ষক কবিতাটোৰ বাণীবদ্ধ ৰূপত নৃত্য পৰিবশন কৰি নৃত্য পৰিচালক তথা কবি জিন্তু বৰপুজাৰী আৰু তেওঁৰ সহ নৃত্যশিল্পী শ্যামলী, নম্ৰতা আৰু বিদিশাই। কবিতাটোক কণ্ঠ দিছিল পৰিচালক,অভিনেতা হিমাংশু প্ৰসাদ দাসে আৰু সংগীতেৰে সজাইছিল গৌৰাংগই।


উল্লেখযোগ্য যে বি এণ্ড এম পাবলিছাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছৰ প্ৰথম বৰ্ষপূৰ্তিত আয়োজিত অনুষ্ঠানটোত আবু চুফিয়ানৰ ঈশ্বৰৰ ঘৰ গ্ৰন্থখনো উন্মোচিত হয়। তদুপৰি ৰঞ্জু হাজৰিকা, পুলক বেনাৰ্জী,প্ৰশান্ত ৰাজগুৰু, আবু চুফিয়ান আৰু প্ৰদীপ কুমাৰ নাথক অসমীয়া সাহিত্য, সংগীত, সাংবাদিকতা আৰু চিত্ৰ শিল্পৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসমজ্যোতি সন্মান প্ৰদান কৰা হয়।

Leave A Reply