মনহাৰ অসম গ্ৰামীন বিকাশ বেংকত নিজৰ জমা ধন উঠাবলৈ গৈ ঢলি পৰিল এজন গ্ৰাহক

মৰিগাঁও জিলাৰ মনহাত থকা অসম গ্ৰামীন বিকাশ বেংকত নিজৰ জমা ধন উঠাবলৈ গৈ গ্ৰাহক সকলে যমৰ যাতনা ভূগিবলগীয়া  হৈছে ৷ আজিৰ উৎকট গৰমত ঢলি পৰিল এজন বয়োজ্যেষ্ঠ গ্ৰাহক ৷ এই বৃহত্তৰ অঞ্চলৰ লোকসকল নিৰ্ভৰ এই বেংকৰ ওপৰত ৷ প্ৰায় দুই তিনিমাহ ধৰি  বেংকৰ বিভিন্ন ধৰনৰ অসুবিধাৰ কাৰণে  গ্ৰাহকে নিজৰ জমা টকা উঠাবলৈ গৈ   ৬ /৭ পাৰ হৈ যোৱাতো ধনৰ লেনদেন কৰিব নোৱাৰাৰ অভিযোগ উঠিছে  ৷ জানিব পৰামতে বেংকৰ UPS বিকল হৈ থকাৰ ফলত কাম চলাই নিয়াত কৰ্মচাৰী সকলে অসুবিধাৰ সন্মুখীন হব লগীয়া হৈছে ৷ বেংকত  আপডেট নহয় পাচবুক , প্ৰায়ে নাথাকে ছাৰ্ভাৰ,  বিদ্যুতৰ খেলি মেলি, বেংকৰ বহু মেচিন হৈ আছে বিকল , অফিচত নাই পৰ্য্যাপ্ত পৰিমানৰ কৰ্মচাৰী ৷ যাৰ বাবে গ্ৰাহক সকলে  সময়মতে পাবলগীয়া সেৱা সমূহৰ পৰা বঞ্চিত হৈ আছে ৷ বেংকৰ উৰ্দ্ধতম কৰ্তৃপক্ষলৈ গ্ৰাহক সকলৰ অনুৰোধ যাতে অতিসোনকালে এই সমস্যা সমূহৰ সমাধান কৰি গ্ৰাহক সকলৰ টকা ওঠোৱাৰ বাবে সুবিধা কৰি দিয়ে ৷ অন্যথা ক্ষোভিত গ্ৰাহক সকলে বেংকত তলা উলমাবলৈ বাধ্য হব বুলি সকীয়াই দিয়ে ৷

Related Articles