Breaking

আচাৰ ব্যৱসায়ৰে স্বাৱলম্বীতাৰ অনন্য নিদৰ্শন দেখুৱাইছে ডিব্ৰুগড়ৰ এগৰাকী বোৱাৰীয়ে…

0 180

ডিব্ৰুগড়ৰ এগৰাকী বোৱাৰীয়ে দেখুৱাইছে স্বাৱলম্বীতাৰ অনন্য এই নিদৰ্শন । ডিব্ৰুগড় থানাগলী মূলাগাভৰু পথত বসবাস কৰা এই গৰাকী ৰূপজ্যোতি শইকীয়া (মৰমী) নামৰ উদীয়মান মহিলা গৰাকীয়ে আচাৰ ব্যৱসায়ৰ জৰিয়তে বাচি লৈছে নিজৰ জীৱিকাৰ পথ। ভিন্ন প্ৰকাৰৰ যেনে ভূতজলকীয়া মচলা আচাৰ, ভূতজলকীয়া তেল আচাৰ, কলপচলা আচাৰ, বাঁহ গাজ মচলা আচাৰ, বাঁহ গাজকেচা আচাৰ, অমৰা আচাৰ, মিক্স আচাৰ, গুলনেমু মছলা আচাৰ, গুলনেমু নিমখ আচাৰ, গুলনেমু মিঠা আচাৰ, আদা নহৰু আচাৰ, আৰু ঔ টেঙা আচাৰৰ লগতে ভিন্ন প্ৰকাৰৰ প্ৰায় ২৮ বিধ আচাৰ বনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও যাই মাজনী নামেৰে চৰ্চা লাভ কৰা এই আচাৰ সমূহ।

উল্লেখ্য যে আচাৰ বনাই ব্যৱসায়ৰ দিশ বাচি লোৱা এই গৰাকী স্বাৱলম্বী মহিলা ৰূপজ্যোতি শইকীয়াই এতিয়া আচাৰ উৎপাদক হিচাপে গঢ় লৈ উঠিছে। আনহাতে আচাৰ আদিৰে অৰ্থনীতিৰ ভেটি সবল কৰাৰ লগতে মহিলাই কেনেদৰে জীৱনত আগবাঢ়িব পাৰে তাৰো এক উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে ৰূপজ্যোতি শইকীয়াই, যি সময়ত চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাইছে বহু সংখ্যক যুৱক যুৱতী আৰু মহিলা পুৰুষে তেনে সময়তে এক বাৰ্তা প্ৰেৰণ কৰিছ স্বাৱলম্বীতাৰ পথ বাছি লোৱা এই গৰাকী মহিলাই।

Leave A Reply