বৰপেটাৰ পালহাজিত এজন ড্ৰাগছ ব্যৱসায়ী আটক

এক গোপন সুত্ৰৰ পম খেদি বৰপেটাৰ আৰক্ষীয়ে পালহাজিত  বজাৰত এজন ড্ৰাগছ ব্যৱসায়ী  আটক কৰিবলৈ সক্ষম হয়। বৰপেটাৰ পালহাজিৰ বজাৰত এখন জুৱেলাৰী দোকানত ৰাখিছিল  ৫ টা ড্ৰাগছৰ কংতেইনাৰ ।ইয়াৰ পৰিমান ১.৭১ গ্ৰাম। লগতে দোকানী ইমৰান হুছেইন নামৰ এজন ড্ৰাগছ ব্যৱসায়ী জনক আটক।  ড্ৰাগছৰ ব্যৱসায়ী জনে জুৱেলাৰীৰ ব্যৱসায়ী কৰাৰ লগতে সমান্তৰাল ভাৱে ড্ৰাগছৰ ব্যৱসায়ী চলাই গৈছিল। বৰপেটাৰ সদৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধীৰ নেতৃত্বত চলা অভিযানত  ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰিবলৈ সক্ষম হয়। এই সংক্ৰান্তত বৰপেটা আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে আৰু মহামান্য আদালতলৈ প্ৰেৰণ কৰে।

Related Articles