তেজপুৰৰ জ্যোতি ভাৰতীত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন তথ্য গধুৰ গ্ৰন্থ উন্মোচন…

উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক সমাজ আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ অধিনস্থ জ্যোতি ভাৰতী(পকী)ত তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত এখন তথ্য গধুৰ গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ লেখক প্ৰবীন সংস্কৃতিবিদ, সাহিত্যিক প্ৰফুল্লপ্ৰাণ মহন্তৰ “কুৰি শতিকাৰ অসমীয়া ঐতিয্যৰ সংৰক্ষক আৰু সংগীতপ্ৰিয় মুক্তিযোদ্ধা নাৰায়ণ চন্দ্ৰ দত্ত আৰু প্ৰভাসিনী দত্ত“ শীৰ্ষক গ্ৰন্থথনি অসমীয়া সাহিত্য জগতৰ বাবে এক অমূল্য সমপদ হৈ ৰ’ব বুলি সভাই অভিহিত কৰে।

সভাত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোৱৰণি সাংবাদিক বটাপ্ৰাপ্ত সাংবাদিক ৰাধিকা বল্লভ গোস্বামীক এখন মানপত্ৰ, গামোছা আৰু চেলেং চাদৰেৰে সন্মান জনোৱা হয়৷ তেজপুৰৰ ৱিধায়ক পৃথিৰাজ ৰাভা, শোনিতপুৰ জিলাৰ আয়ুক্ত দেব কুমাৰ মিশ্ৰই গ্ৰন্থ লেখক প্ৰফুল্লপ্ৰাণ মহন্ত আৰু সন্মানিত বৰেণ্য সাংবাদিক ৰাধিকা বল্লভ গোস্বামীয়ে সমাজলৈ আগবঢ়োৱা অবদান আৰু সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হৈ ৰ’ব বুলি বক্তব্য দাঙি ধৰে৷শিক্ষাবিদ তথা সাংবাদিক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰিবেশন কৰা এটি নৃত্যই সকলোকে আপ্লুত কৰে৷

Related Articles