Breaking

গৰুৰ গাখীৰ বিক্ৰী কৰি ১ কোটি টকীয়া ঘৰ নিৰ্মাণ কৰিলে এজন কৃষকে। ঘৰটোৰ নাম ৰাখিলে ‘গোধন নিৱাস’…

0 152

মহাৰাষ্ট্ৰৰ প্ৰকাশ ইমডেৰ ব্যৱসায়ে গাঁৱৰ ৰাইজ কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছে। প্ৰকাশ ইমদেৰ খেতি পথাৰ চাবলৈ আৰু জানিবলৈ আন ৰাজ্যৰ লোক সাংগোলালৈ আহে। মহাৰাষ্ট্ৰৰ সোলাপুৰৰ এজন কৃষকে গৰুৰ গাখীৰ বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে ১ কোটি টকাৰ ঘৰ নিৰ্মাণ কৰিছে। প্ৰকাশ ইমদেৰ সফলতাৰ কাহিনী আৰম্ভ হৈছিল মাত্ৰ এটা গৰুৰে আৰু এতিয়া তেওঁ ১৫০ টাতকৈও অধিক গৰুৰে এখন দুগ্ধ পাম চলাই আছে। স্থানীয় লোকে মৰমেৰে বাপু বুলি অভিহিত কৰা প্ৰকাশে প্ৰথম গৰু – লক্ষ্মীৰ প্ৰতিমূৰ্তি পূজা কৰি দিনটোৰ কাম আৰম্ভ কৰে। তেওঁ এটা ঘৰটো নিৰ্মাণ কৰিছিল, ঘৰটোৰ নাম ৰাখিছিল ‘গোধন নিৱাছ’।

১৯৯৮ চনত গাখীৰ আৰু গৰুৰ গোবৰ বিক্ৰী আৰম্ভ কৰিছিল প্ৰকাশে। প্ৰকাশে চাৰি একৰ পূৰ্বপুৰুষৰ মাটিৰে কাম আৰম্ভ কৰিছিল। অৱশ্যে তেওঁ উত্তৰাধিকাৰী সূত্ৰে পোৱা মাটি শুকান আৰু খেতি কৰাটো অসম্ভৱ আছিল। সেয়ে খেতি-বাতি এৰি তেওঁ ১৯৯৮ চনত গৰুৰ গাখীৰ আৰু গৰুৰ গোবৰ বিক্ৰীৰ ব্যৱসায় আৰম্ভ কৰে। প্ৰথম অৱস্থাত তেওঁ নিজৰ গাঁৱৰ বাসিন্দাক গাখীৰ বিক্ৰী কৰিছিল।মাত্ৰ এটা গৰুৰ ওপৰত নিৰ্ভৰশীল ব্যৱসায়ৰ পৰা তেওঁ এতিয়া ১৫০ টাতকৈও অধিক গৰুৰে এখন দুগ্ধ পাম চলাই আছে। বৰ্তমান এই ফাৰ্মখনে প্ৰতিদিনে ১০০০ লিটাৰ গাখীৰ উৎপাদন কৰে। প্ৰকাশে কেতিয়াও নিজৰ গৰুৰ এটা পোৱালিও বিক্ৰী কৰা নাই। ২০০৬ চনত লক্ষ্মীৰ মৃত্যুৰ পিছতো তেওঁ ইয়াৰ বংশ বৃক্ষ বৃদ্ধি কৰি থাকিল আৰু একেটা বংশ বৃক্ষৰ গৰু-ম’হৰ পৰাই ফাৰ্মখন চলাই আছে।

গৰুৰ বাবে প্ৰতিদিনে চাৰিৰ পৰা পাঁচ টন সেউজীয়া খাদ্যৰ প্ৰয়োজন হয়। প্ৰকাশে পামত যিমান পাৰে খেতি কৰে আৰু বাকীখিনি বাহিৰৰ পৰা কিনি লয়। তেওঁৰ ব্যৱসায়টোৱে গাঁৱৰ মানুহক কৰ্মসংস্থাপনৰ সুবিধাও প্ৰদান কৰে। প্ৰকাশ ইমদেৰ খেতিপথাৰখন চাবলৈ আৰু জানিবলৈ আন ৰাজ্যৰ লোকেও সাংগোলালৈ আহে।বছৰ বছৰ ধৰি প্ৰকাশৰ কঠোৰ পৰিশ্ৰম এতিয়া এক কোটি টকাৰ বাসগৃহলৈ ৰূপান্তৰিত হৈছে। বাসগৃহটোৰ ওপৰত গৰু আৰু গাখীৰ চৰ্নাৰ এটা মূৰ্তি থিয় কৰাই সকলোকে সোঁৱৰাই দিয়ে যে অট্টালিকাটো কেনেকৈ হ’ল।

Leave A Reply