ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় ৰমু চলিহাক।শিৱসাগৰৰ ফুকন নগৰ শ্মশানত শেষকৃত সম্পন্ন…

প্ৰবীণ জাতীয়তাবাদী নেতা প্ৰণৱজিত চলিহাৰ শেষকৃত্য অনুষ্ঠান ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় । ১৪ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা শিৱসাগৰ ফুকন নগৰৰ বাসগৃহত মনে প্ৰাণে অসমক ভাল পোৱা প্ৰণৱজিত চলিহা লৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হয়। চলিহাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, তেওঁৰ শেষ যাত্ৰাত সংগ দিবলৈ অগণন লোকে ভিৰ কৰিছে বাসগৃহ। ৰমু চলিহা হিচাপে জনপ্ৰিয় প্ৰণৱজিত চলিহাক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন জাতীয় দল সংগঠনৰ নেতা-কৰ্মী, বিভিন্ন শ্ৰেণীৰ নাগৰিকে পুৱাৰে পৰা তেওঁৰ বাসগৃহ ভৰি পৰিছে। উল্লেখ্য যে, আই অসমী বাবে ১২৭ বাৰ কৈ কাৰাগাৰত বন্দী হৈছিল। এইগৰাকী অদম্য সাহসী জাতীয়তাবাদী নেতাই ৭০ৰ দশকত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসম বিৰোধী কথা কোৱাৰ বাবেই মাইক্ৰ’ফোন দলিয়াই দিবলৈ সাহস কৰিছিল | ইয়াৰোপৰি তেওঁৰ প্ৰফুল্ল মহন্ত, ভৃগু কুমাৰ ফুকনক প্ৰতিষ্ঠা কৰাৰ আঁৰতো আছিল বিশেষ ভূমিকা| নিজেই অসম আন্দোলনৰ দায়িত্ব গ্ৰহণ নকৰি তেওঁ এই দুই নেতাক সেই দায়িত্ব প্ৰদান কৰি পাছলৈ অসমৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী হোৱাত মুখ্য ভূমিকা লৈছিল | অসম গণ পৰিষদৰ চৰকাৰৰ সময়ত যেতিয়া আলফাৰ সমান্তৰাল চৰকাৰ চলিছিল বুলি কোৱা হয়, সেই সময়তে প্ৰণৱজিত চলিহাই আলফাক মুকলিকৈ প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল ।

আনকি পৰেশ বৰুৱাই পৰৱৰ্তী সময়ত এইগৰাকী অদম্য সাহসী অসম প্ৰেমীৰ সৈতে বুজাপৰা কৰিবলৈও বাধ্য হৈছিল | চৰকাৰী পৃষ্ঠপোষকতাত ৰাজকীয় জীৱন অতিবাহিত কৰাৰ সুযোগ তেওঁ লাভ কৰিছিল | যদিও সেই সুযোগ গ্ৰহণ নকৰি নজিৰ সৃষ্টি কৰিছিল | ইফালে শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ শিৱসাগৰ নগৰৰ মাজেৰে সমদল কৰি আগবঢ়াই নিয়া হয় | অসম প্ৰেমী এইগৰাকী জাতীয়তাবাদী লৈ শ্ৰদ্ধা জ্ঞাপন কৰি শিৱসাগৰ ব্যৱসায়ী সন্থাই আজি সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰে | দীৰ্ঘদিন ধৰি অশুস্থ হৈ থকা প্ৰণৱজিত চলিহা অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ আছিল | ১৩ ছেপ্টেম্বৰ, বুধবাৰে বিয়লি প্ৰায় ২ বাজি ৪০ মিনিটত তেওঁ তাতেই শেষ নিশ্বাস ত্যাগ কৰে । আনহাতে ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় জনোৱা হয় ৰমু চলিহাক। শিৱসাগৰৰ ফুকন নগৰ শ্মশানত শেষকৃত সম্পন্ন নেতাগৰাকীৰ। ‘বাই বাই টাইগাৰ’ পিতৃ ৰমু চলিহাক শেষ শ্ৰদ্ধাঞ্জলি জনালে শৃংখল চলিহাই।

Related Articles