Breaking

নাজিৰাৰ গেলেকীত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ

0 74

অ এন জি চি অসম সম্পদৰ উদ্যোগত ‘গ্ৰীণ আৰ্থ’ আৰু ন-পাম বাৰুৱতী গাওঁ পঞ্চায়তৰ সহযোগত শনিবাৰে নাজিৰা গেলেকীত আয়োজিত হয় এক বিনামূলীয়া স্বাস্থ্য শিবিৰ।

অ’ এন জি চি অসম এচেট, স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ আৰ্থ আৰু গেলেকী ন -পাম বাৰুৱতী গাওঁ পঞ্চায়তৰ সহযোগত আয়োজিত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত বৃহত্তৰ গেলেকী অঞ্চলৰ কেইবা শতাধিক লোকৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয়।

শিবিৰটোত মেডিচিন বিভাগ, শিশু বিশেষজ্ঞ,চকু বিশেষজ্ঞইও অংশ লৈ চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়।

অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোকসকলৰ মাজত বিনামূলীয়াকৈ চশমা আৰু লাখুটি প্ৰদান কৰা হয়।

Leave A Reply