ধেমাজি জিলাৰ গোগামুখৰ অপেছাধাৰী নাট্য সংগঠন দুমৗৰ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত, টি এম পি কে, মিচিং দৃৰবৃ কৗবঙৰ সহযোগত মিচিং সমাজৰ পুৰুধা ব্যক্তি অই আপ্পুন শিল্পী গণেশ পেগুৰ সোঁৱৰণিত এমহীয়া নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ ১৫ ছেপ্টেম্বৰৰ পৰা গোগামুখ আবতানি লত্তাত আৰম্ভ হ’বলগা উক্ত নাট কৰ্মশাতাল ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিয়াা ব্যৱস্হা কৰা হৈছে ৷ দুমৗৰ নাট্যগোষ্ঠীৰ সভাপতি ৰাজু পেগু আৰু সম্পাদক ভৱেশ মেদকে জনোৱা মতে নাট কৰ্মশালাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট পৰিচালক, নাট্যকাৰ দয়াল কৃষ্ণ নাথ, পাটনাৰ সত্য প্ৰকাশ, ত্ৰিপুৰা, বিশ্বজিৎ চক্ৰৱৰ্তী, কুশল ডেকা, মানস প্ৰতীম নেওগ, বেণু পাটোৱাৰী, পাটনাৰ ৰবি বাৰ্মা, কলকাতাৰ বৰুণ কৌৰ আদিয়ে প্ৰশিক্ষণ দিব ৷ দুমৗৰ নাট্যগোষ্ঠীয়ে প্ৰশিক্ষাৰ্থী সকলৰ বাবে প্ৰ-পত্ৰ গোগামুখ চিলিমপুৰস্হিত দুমৗৰ নাট্যগোষ্ঠীৰ কাৰ্যালয়ত দি আছে ৷ প্ৰশিক্ষাৰ্থী সকলে আগতীয়া যোগাযোগৰ বাবে ৮০১১৩৭৩৭১৬, ৯৬৭৮৮৭১২৩৮, ৮৪৭৩০৩৯৫৬১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷ দুমৗৰ নাট্যগোষ্ঠীৰ বিশেষ প্ৰতিনিধি জয়প্ৰকাশ পেগু আৰু অনুজ পাইতে জনোৱা মতে দূৰদূৰণিৰ প্ৰশিক্ষাৰ্থী সকলৰ বাবে থকা-খোৱাৰো সু-ব্যৱস্হা কৰাৰ লগতে কৰ্মশালাৰ অন্তত নাট মঞ্চস্থ কৰা হ’ব আৰু মঞ্চস্থ কৰিবলগা নাটৰ বাবে বহুকেইজন নাট্যকাৰৰ পৰা নাটৰ পাণ্ডুলিপি বিছৰা হৈছে ৷

