Breaking

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৫৩ জনীয়া এটা দল আজি ওমৰাহ হজ যাত্ৰাৰ বাবে দিল্লী হৈ ছৌদি আৰৱৰ পবিত্র মক্কালৈ যাত্ৰা…

0 18

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৫৩ জনীয়া এটা দল আজি ওমৰাহ হজ যাত্ৰাৰ বাবে দিল্লী হৈ ছৌদি আৰৱৰ পবিত্র মক্কালৈ যাত্ৰা কৰে। কামৰূপ,বঙাইগাওঁ,বৰপেটা, নগাওঁ, যোৰহাট, শিৱসাগৰ, দৰং, তিনিচুকীয়া, তামুলপুৰ ইত্যাদিকে ধৰি অসমৰ বিভিন্ন ঠাইৰ পৰা ওমৰাহ হজ যাত্ৰাৰ বাবে ওলোৱা দলটিক বিদায় সম্ভাষণ জনাবলৈ পৰিয়াল, শুভাকাংক্ষীসহ প্ৰায় ৫০০ ব্যক্তিয়ে আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত ভিৰ কৰেহি। ওমৰাহ হজ যাত্ৰাৰ বাবে ওলোৱা দলটিত প্ৰাক্তন অধীক্ষক অভিযন্তা ৰমজান আলী খণ্ডকাৰ, বিশিষ্ট সংগীত শিল্পী নেকীব হুছেইন, এচিয়াৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথম পুৰস্কাৰ প্ৰাপ্ত খেলুৱৈ তৈবুন নিছা, কামৰূপ জিলাৰ ২ নং ধুহি গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক ছৈয়দ আব্দুল লতিভ, অৱসৰ প্ৰাপ্ত কৃষি বিষয়া দিলোৱাৰ হুছেইন, ৰূপহীহাট সমষ্টিৰ বিধায়ক মহম্মদ নুৰুল হুদা, ইণ্ডিয়ান বেঙ্কৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ প্ৰৱন্ধক আব্দুল খালেক ইত্যাদিকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিয়ে অংশ লয় এই ওমৰাহ হজ যাত্ৰাত।

হাজী সকলৰ সুবিধাৰ্থে হজ্জ যাত্ৰী সকলক অহা-যোৱা আৰু মক্কা মদিনাত সংগ দিব ট্ৰেভেলচৰ স্বত্বাধিকাৰী আলহাজ মনিৰ উদ্দিনে। চৰকাৰী স্বীকৃতিপ্রাপ্ত আল-আমিনা ট্যুৰচ্ এণ্ড ট্রেভেলচৰ জৰিয়তে গুৱাহাটীৰ পৰা ছৌদি আৰবৰ পৱিত্র মক্কাত ওমৰাহ হজ্জ কৰাৰ বাবে নেতৃত্ব দি লৈ যোৱা আল আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ সঞ্চালক আলহাজ মনিৰ উদ্দিনৰ লগতে বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ তাপেশ্বৰা গাঁৱৰ অসমীয়া ৰান্ধনী ছাজান আলীও যাত্ৰা কৰে। উল্লেখ্য যোগ্যযে পাকৈত ৰান্ধনী ছাজান আলীয়ে ওমৰাহ হজ্জ যাত্ৰী সকলক আৰবত থকাৰ সময় খিনিতো অসমীয়া আহাৰ ৰান্ধি খোওৱাৰ দায়িত্ব লয়। তাৰ বাবে লাগতীয়াল সামগ্ৰী ট্ৰেভেল এজেঞ্চী টোৱে লগত লৈ যায়।তাৰোপৰি ওমৰাহ হজ্জ যাত্ৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু হজ্জ যাত্ৰী সকলৰ প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধ পাতিও মজুত কৰি লোৱাৰ লগতে মহিলা আৰু পুৰুষ সকলৰ থকা মেলাৰ সুকীয়া আৰু সুন্দৰ ব্যৱস্থা আছে বুলিও আল আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ সঞ্চালকে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ওমৰাহ হজ্জ যাত্ৰী সকলে পবিত্ৰ মক্কাত গৈ ওমৰাহ হজ্জৰ গোটেইখিনি কাম সমাপ্ত কৰি নিৰাপদে ঘূৰি আহিবৰ বাবে আৰু লগতে সমুহ অসম বাসীৰ মঙ্গলৰ বাবে আজি হাতিগাওঁ চাৰিআলী মজিদৰ প্ৰাক্তন ইমাম মালোনা ইদ্দিছ আলী চাহাবে আল্লাৰ ওচৰত দোৱা কৰে। লগতে দলটোক নেতৃত্ব দি লৈ য়োৱা সঞ্চালক মনিৰুদ্দিনৰ বষীয়ান পিতৃ মালামিয়াই হজ যাত্ৰী সকলক বিমান বন্দৰত উষ্ম সম্ভাষণ জনায়।

Leave A Reply