Breaking

বিশ্বনাথৰ মাজুলীগড় চাহ বাগিছাত চিকিৎসকক আক্ৰমন বাগিছাৰ একাংশ দুস্কৃতিকাৰীৰ

0 2,037

হোজাইত চিকিৎসক আক্ৰমণ কৰা ঘটনা ঢৌ মাৰ নাযাওঁতেইএইবাৰ বিশ্বনাথত চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হ’ল।
 বিশ্বনাথ আৰক্ষী থানা অন্তৰ্গত  মাজুলীগড় চাহ বাগিচাত বুধবাৰে   বিয়লি প্ৰায় ৫ মান বজাত বাগিচা খনৰ জ্যোষ্ঠ চিকিৎসক বসন্ত গোস্বামীক কেইজনমান দুস্কৃতিকাৰীয়ে বাটত আগুচি ধৰি মাৰ ধৰ কৰা অভিযোগ উঠিছে।
।উল্লেখযোগ্য যে  কৰ’ণা সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্যত বলবৎ  হৈছে নতুন কভিড নীতি  নিৰ্দেশনা।এই নীতি নিৰ্দেশনা অনুযায়ী দুপৰীয়া বাৰ বজাৰ পৰা বন্ধ কৰিব লাগে ৰাজ্যৰ দোকান পোহাৰ সমূহ।কিন্তু তাৰ মাজতে কিছুমান গ্ৰাম্য অঞ্চল বা চাহ বাগিচা অঞ্চলত একাংশ লোকে এই নীতি নিৰ্দেশনা অমান্য কৰি খোলা ৰাখে নিজৰ বানিজ্যিক প্ৰতিষ্ঠান। 
ঠিক তেনেদৰেই বিশ্বনাথৰ মাজুলিগড় চাহ বাগিচাতো দুপৰীয়া বাৰ বজাৰ পৰা দোকান পোহাৰ বন্ধ কৰিব লাগে যদিও বাগিচাখনৰ একাংশ ক্ষুদ্ৰ ব্যবসায়ীয়ে মনা নাছিল এই নিয়ম। মাজুলিগড় চাহ বাগিচাকে ধৰি আন আন চাহ বাগিচাত যাতে গণ সংক্ৰমণ ভয়াবহ ভাৱে বৃদ্ধি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি  জিলা খনৰ অধিনৰ বাগিচা সমূহত  বিশ্বনাথ জিলা প্ৰশাসনে নিৰ্দেশ দিছে বাগিচা খনৰ কতৃপক্ষক SOP  নীতি নিৰ্দেশনা মানি চলিবল।
 ইফালে এই নীতি নিৰ্দেশনা প্ৰতি গুৰুত্ব দি মাজুলী গড় চাহ বাগিচাত থকা খোলা থকা  একাংশ  দোকান  বন্ধ কৰিবলৈ বাগিছা কৰ্তৃপক্ষই চেষ্টা চলাই বুধবাৰে।কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল  বাগিছা খনৰ একাংশ লোকে যিহেতু কভিডৰ কাৰনে দোকান সমূহ বন্ধ কৰাবলৈ দিছে জিলা প্ৰশাসনে কিন্তু উক্ত নিৰ্দেশনা বাগিচা খনৰ জ্যোষ্ঠ চিকিৎসক বসন্ত গোস্বামীয়ে   নিৰ্দেশ  দিয়া বুলি সন্দেহ কৰি চিকিৎসক গৰাকী  ওপৰত ক্ষোভিত হৈ পৰে একাংশ লোক। লগতে উক্ত লোক সকলে বাগিচাখনৰ  চিকিৎসক অথবা বাগিচা কতৃপক্ষই কিয় দোকান সমূহ বন্ধ কৰাব বুলিও গৰজি উঠে।
যাৰ বাবে একাংশ লোকে বুধবাৰে  বিয়লি  বাগিচাখনৰ কাৰ্যালয়ত এই বিষয় সন্দৰ্ভত সোধা-পোছাৰ বাবে গৈছিল কেইজনমান যুৱক।
কিন্তু দুৰ্ভাগ্য ক্ৰমে সেই সময়তে বাগিচাখনৰ চিকিৎসক গৰাকী ইভিনিং ৱাক কৰিবলৈ গৈ আছিল বাগৰি খনৰ পথেৰে ।তেনে সময়ত উক্ত যুৱক সকলৰ সৈতে চিকিৎসক বসন্ত গোস্বামী  মুখা-মুখি হৈছিল বুলি চিকিৎসক বসন্ত গোস্বামীয়ে প্ৰকাশ কৰে।ইফালে লগে লগে উক্ত  দুস্কৃতিকাৰীৰ দলটোয়ে চিকিৎসক গৰাকীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল যদিও,চিকিৎসক গৰাকীৰ ঘৰত কৰ্মৰত কৰ্মচাৰীৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসক বসন্ত গোস্বামী।ইফালে  ঘটনা সন্দৰ্ভত বৃস্হপতিবাৰে  বিশ্বনাথ আৰক্ষী থানাত এক গোচৰ তৰিছে বুলি জানিব পৰা গৈছে।আনহাতে উক্ত ঘটনা লগত জৰিয়ত ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন দল সংগঠনে দাবী জনোৱা লগতে চিকিৎসক কৰ্মী‌ সকলক নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী জনাই চৰকাৰক।

Leave A Reply