বৰপেটাত উপস্থিত বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ বিধায়কৰ দল

 অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিয়ে মংগলবাৰে বৰপেটা জিলা ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ আঁচনিৰ কাম-কাজ চৰজমিন পৰিদৰ্শন কৰাৰ উপৰিও আবেলি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে।এই পৰিদৰ্শন কালত তথা পৰ্যালোচনা সভাত বৰপেটা জিলাৰ বিধায়ক সকল, বৰপেটাৰ আব্দুৰ ৰহিম আহমেদ, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰ, জনিয়া সমষ্টিৰ বিধায়ক ড: ৰফিকুল ইছলাম আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনো উপস্থিত থাকে।সভাত  মুখ্য প্ৰধান বন সংৰক্ষক (নামনি অসম ক্ষেত্ৰীয়) সন্দীপ কুমাৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব প্ৰণতি মজুমদাৰ, ৰাজহ বিভাগৰ যুটীয়া সচিব আনন্দ দাস, সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব গৌতম মজুমদাৰ, পৰিবহন বিভাগৰ যুটীয়া সচিব হানিফ নুৰানি আৰু বিধানসভা সচিবালয়ৰ যুটীয়া সচিব এম কে শৰ্মা আদিও উপস্থিত থাকে।

Related Articles