গৌৰীপুৰত এক জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল

প্ৰেমিকক নিৰ্যাতন কৰাৰ কথা শুনিছে ।কিন্তুএইবাৰ প্ৰেমিকাক অমানুষিক নিৰ্যাতন চলালে প্ৰেমিকৰ পৰিয়ালে । ৰৌৱা তৃতীয় খণ্ড গাঁৱৰ বাসিন্দা আব্দুল হামিদৰ কণ্যা ছাদিকা বেগমৰ লগত একে গাঁৱৰ বাসিন্দা হেলাৰ পুত্র আলিমুলৰ লগত তিনি বছৰীয়া প্ৰেম চলি থকাৰ পিছত বিয়া কৰাৰ প্ৰলোভন দি চলাই গৈছিল দৈহিক মিলন ।  যাৰ ফলত ছাদিকা বেগম দুমহীয়া অন্তঃসত্তা হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰেমিকা ছাদিকাই । উক্ত গৰ্ভপাত নষ্ট কৰাৰ বাবে প্ৰেমিকৰ ঘৰত মাতি নি বিদ্যুৎ খুটাত বান্ধি  প্ৰেমিকৰ পৰিয়ালে ওৰে দিন অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিছে প্ৰেমিকা ছাদিকাই । উপায় বিহীন হৈ ১০ ফেব্ৰুৱাৰীত গৌৰীপুৰ থানাত প্ৰেমিক আলিমুলৰ লগতে প্ৰেমিকৰ পৰিয়ালৰ সদস্য আলম, আমিনা, মজিয়া বিবি, আম্বিয়া, আকতাৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । উক্ত ঘটনাটো আৰক্ষীৰ তদন্ততহে প্ৰকৃত ৰহস্য ওলাই পৰিব ।

Related Articles