Breaking

মাউণ্ট এভাৰেষ্টত দুৰ্ঘটনাত পতিত এখন হেলিকপ্টাৰ। ৬ জন লোকৰ মৃত্যু…

0 57

মাউণ্ট এভাৰেষ্টত নেপালৰ হেলিকপ্টাৰ দুৰ্ঘটনা। ৬ জন লোকৰ মৃত্যু। মাউণ্ট এভাৰেষ্টৰ সমীপত নেপালৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত হেলিকপ্টাৰ খনত থকা ৬ জন লোকৰ আটাইকেইজনৰে মৃত্যু হয়। বিমান পৰিবহণৰ বিষয়াসকলে জনোৱা মতে, এই ব্যক্তিগত বাণিজ্যিক হেলিকপ্টাৰ খনত ৫ জন মেক্সিকান নাগৰিক আছিল। ঘটনাৰ সন্দৰ্ভত নেপাল আৰক্ষীয়ে জনোৱা মতে, তদন্তকাৰী দলে নিৰুদ্দেশ হোৱা হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে। ইয়াৰ লগতে ৫টা মৃতদেহও উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ মতে, হেলিকপ্টাৰখন পাহাৰৰ শিখৰত থকা গছৰ সৈতে খুন্দা মৰা যেন লাগে। ডি আই জি ৰাজেশনাথ বস্তোলাই কয় যে উদ্ধাৰ হোৱা মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই। তথ্য অনুসৰি হেলিকপ্টাৰ উৰণৰ কেইমিনিটমান পিছতে হেলিকপ্টাৰখনৰ সংস্পৰ্শ হেৰাই যায়। ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিচালক প্ৰতাপ বাবু তিৱাৰীয়ে জনোৱা মতে, ৯এন-এএমভি হেলিকপ্টাৰখন উৰণৰ মাত্ৰ ১৫ মিনিটৰ পিছতেই যোগাযোগ হেৰুৱাইছিল।

‘কাঠমাণ্ডু পোষ্ট’ৰ তথ্য অনুসৰি নেপালৰ অসামৰিক বিমান পৰিবহণ প্ৰাধিকৰণৰ তথ্য বিষয়া জ্ঞানেন্দ্ৰ ভূলে জনোৱা মতে, সোলুখুম্বু জিলাৰ চুৰ্কে বিমানবন্দৰৰ পৰা পুৱা ১০:০৪ বজাত ৰাজধানী কাঠমাণ্ডুলৈ উৰা মাৰিছিল।পুৱা ১০:১৩ বজাত ১২ হাজাৰ ফুটতকৈও অধিক উচ্চতাত হঠাতে ইয়াৰ সংস্পৰ্শ হেৰুৱাই পেলায়। এই হেলিকপ্টাৰখন উৰুৱাইছিল জ্যেষ্ঠ পাইলট কেপ্তেইন চেট বি গুৰুঙে।

Leave A Reply