শিৱসাগৰৰ এগৰাকী অসহায় মহিলাই হতাশাত ভূগি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

শিৱসাগৰত এগৰাকী অসহায় মহিলাই হতাশাত ভূগি মুখ্যমন্ত্ৰীলৈ কৰা পত্ৰ প্ৰেৰণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজকে শেষ কৰাৰো কথাও উল্লেখ কৰিছে উক্ত পত্ৰ খনত । এনেকুৱা আৱেদন কত কেনেকৈ দিব লাগে তাকো বিশেষ ভাবে একো নজনা মহিলা গৰাকীয়ে উপায়ুক্তৰ দ্বাৰা পত্ৰ প্ৰেৰণ কৰিছে অতিষ্ঠ হৈ । মুখ্যমন্ত্ৰীকে শেষত আহ্বান জনাইছে ভাৰতত নিষিদ্ধ ইচ্ছামৃত্যুৰ অনুমতি প্ৰদান কৰাৰ বাবে।মহিলা গৰাকী শিৱসাগৰ নগৰৰ অসম ৰাজ্যিক পৰিবহন নিগম বাছ আস্থানৰ সমীপৰ প্ৰয়াত অঞ্জন শৰ্মাৰ পত্নী ননী দেৱী।

ভাড়াতীয়া‌ই বহুদিন ধৰি অসহায় মহিলা গৰাকীৰ নিজৰ সম্পত্তি জব্দ কৰি মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ।একমাত্ৰ অসুস্থ পুত্ৰৰ সতে ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হৈছে বুলি মহিলা গৰাকীয়ে প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত।মহিলা গৰাকীৰ অসহায় অৱস্থাৰ কথা জানিব পাৰি মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই মহিলা গৰাকীৰ একমাত্ৰ ৰোগীয়া পুত্ৰৰ চিকিৎসাৰ ব্যৱস্থা গুৱাহাটী লৈ নি কৰিছিল কিছুদিনৰ আগত।

কিন্তু এটা মুকলি পৰিবেশ নোপোৱাৰ ফলত পুনৰ একমাত্ৰ লৰাটোৰ অৱস্থা ও পূৰ্বৰ দৰেই হৈছে বুলি মাতৃ গৰাকীয়ে প্ৰকাশ কৰে ।
গোবিন দত্ত আৰু নাৰায়ণ পাল নামৰ দুজন ব্যক্তিয়ে মহিলা গৰাকীৰ দুখন দোকান বহু দিন ধৰি জব্দ কৰি থোৱা বুলি অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে।আদালতৰ মজিয়াত এই সন্দৰ্ভত এটা গোচৰ চলি আছে যদিও মহিলা গৰাকী অতিষ্ঠ হৈ হতাশাত ভূগি একো উপায় বিচাৰি নাপায় শেষত মুখ্যমন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ কৰিছে।২৮/৫/২০১৮ ত শিৱসাগৰ সদৰ থানাত ভাড়াতীয়াৰ অশান্তিৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল যদিও একো সুফল নাপালে ননী দেৱীয়ে।শেষত আদালতত যদিও এই সন্দৰ্ভত গোচৰ ৰুজো কৰিছে আদালতৰ ন্যায় পোৱালৈ মহিলা গৰাকী জীয়াই থকাটো অসহায় হৈ পৰিছে বুলি প্ৰকাশ কৰিছে।


মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই যদিহে সহায় নকৰে ডিব্ৰুগড়ৰ বিনিত বাগাৰিয়াৰ দৰেই ননী দেৱীৰো একে অৱস্থা হব বুলি ননী দেৱীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।মাক পুতেকে একেলগে কিবা খাই মৰি যাম বুলি হতাশাত ভুগি প্ৰকাশ কৰিছে ননী দেৱীয়ে।মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান ননী দেৱীৰ মোক সহায় কৰক নহলে মোক ইচ্ছা মৃত্যুৰ অনুমতি প্ৰদান কৰক।যি সময়ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই জিলাই জিলাই আৰক্ষীয়ে বাহুবলীৰ বিৰুদ্ধে অভিযান চলাব বুলি মত প্ৰকাশ কৰিছে । তেনে সময়ত ননী দেৱীৰ ক্ষেত্ৰত শিৱসাগৰ আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।

Related Articles