জামুগুৰিহাটত আছুৰ বৃহৎ অঘটন : আছুৰ বৃহৎ সংখ্যক সদস্যৰ লগতে ‘কা’ আন্দোলনকাৰী বিজেপিত যোগদান

জামুগুৰিহাট, ৮ ছেপ্টেম্বৰ : ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত সদৌ অসম ছাত্ৰ সন্থাই ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি তুংগত কৰি ৰক্ষাৰ সময়তে আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আছুৰ এক বৃহৎ সংখ্যক সদস্যই ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰে। স্থানীয় বাপুজী ভৱণত দিনৰ এক বজাত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ওচৰত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক পংকজ বৰা, তেজপুৰ মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কুলদীপ ভৰদ্বাজ,সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিৰাজ হাজৰিকা, কুসুমটোলা শাখা ছাত্ৰ সন্থাৰ সভাপতি হেমাংগ গায়ন, সাধাৰণ সম্পাদক নয়নমণি ভৰলী, ইটাখোলা ছাত্ৰ সন্থাৰ বিহুৰাম বসুমতাৰীকে ধৰি বৃহৎ সংখ্যক আছুৰ সদস্যই বিজেপি দলত যোগদান কৰে। ‘কা’ আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা এই সকল আছুৰ সদস্যই ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰাৰ পাছত সদৌ জামুগুৰি ছাত্ৰ সন্থা এক বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। আছু ত্যাগ কৰি বিজেপি দলত যোগদান কৰা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক পংকজ বৰাই বৰ্তমান ছাত্ৰ সন্থাৰ মজিয়াত ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ কথা আলোচনা হোৱাৰ বিপৰীতে কোনজন আছুৰ নেতাই কোনোটো সমষ্টিত প্ৰতিদণ্ডিতা কৰিব সেইয়া ছবিশ ঘন্টাই আলোচনাত ব্যস্ত থাকে বুলিও তাৎপযপূৰ্ণ মন্তব্য আগবঢ়াই। ‘কা’ আন্দোলন প্ৰকৃততে মন্ত্ৰী বিধায়ক হোৱাৰ আন্দোলন বুলি উল্লেখ কৰি বিজেপিত যোগদান কৰা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক গৰাকীয়ে অসমীয়া জাতিৰ স্বভিমানী ভাৰতীয় জনতা পাৰ্টিয়েহে ৰক্ষা কৰিব পাৰিব বুলিও মন্তব্য কৰে । উল্লেখ্য যে আজিৰ এই সভাতে কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দল এৰি শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰে।
জোন বৰা,জামুগুৰিহাট।

Related Articles