Breaking

শিৱসাগৰত বৃহৎ পৰিমাণৰ নিষিদ্ধ লালিগুড় জব্দ ,তিনিজনক আটক….

0 88

শিৱসাগৰ : শিৱসাগৰ নগৰৰ সমীপৰ বাইপাছত বৃহৎ পৰিমাণৰ লালিগুড় জব্দ।AS 04 BC 7415 নম্বৰৰ মহিন্দ্ৰ পিকাপ গাড়ীত নিষিদ্ধ লালিগুড় ৮০ বেগ কঢ়িয়াই নিয়াৰ অৱস্থাত জব্দ কৰে শিৱসাগৰ আৰক্ষীয়ে।শিৱসাগৰ নগৰৰ ব্যৱসায়ী ভোলা চাহু নাই মৰ এজন লোকে এই সমূহ লালিগুড় বাইপাছৰ পৰমেশ্বৰ নামৰ এজন লোকৰ গুদামত মজুত কৰিছিল।দুদিন পূৰ্বে এখন দহ চকাৰ ট্ৰাকে এই সমূহ লালিগুড় ভোলাৰ নিৰ্দেশত পৰমেশ্বৰৰ গুদামত মজুত কৰিছিল।

এক সূত্ৰৰ পৰা আৰক্ষীয়ে এই অবৈধ সৰৱৰাহৰ তথ্য লাভ কৰি গাড়ী সহিত সমস্ত লালিগুড় জব্দ কৰে।ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে লালিগুড় সৰৱৰাহ কৰা ভোলা চাহু,গাড়ী চালক নিতুল বৰা আৰু পৰমেশ্বৰৰ গুদামৰ চকীদাৰ আলি হুছেইনক অধিক তদন্তৰ বাবে আটক কৰিছে।উল্লেখযোগ্য যে শিৱসাগৰ জিলা প্ৰশাসনে লালিগুড়ৰ সৰৱৰাহ নিষিদ্ধ ৰখাৰ পাছতো এক অবৈধ চক্ৰই এই নিষিদ্ধ সামগ্ৰীৰ সৰৱৰাহ অব্যাহত ৰাখিছে।

মূলতঃ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ হোৱা লালিগুড়ৰ সৰৱৰাহৰ বিৰুদ্ধে ৰাইজক সজাগ হ’বলৈ শিৱসাগৰ আৰক্ষীয়ে আহবান জনাইছে।

প্ৰেৰক : ফিৰোজ খান

Leave A Reply