Breaking

সাৰৰ নামত ধুবুৰী জিলাৰ চাপৰত চলিছে বৃহৎ চিণ্ডিকেট

0 2,022

সাৰৰ কৃত্ৰিম নাটনি দেখুৱাই একাংশ অসাধু ব্যৱসায়ী চলাইছে লুণ্ঠনৰাজ।চৰকাৰী ৰাজ সাহায্য প্ৰাপ্ত  ৮০০ টকীয়া DAP সাৰ ক্ৰয় কৰিছে কৃষকে ১৯০০ টকাত।ইউৰিয়া ২৬৬ টকাৰ পৰিৱৰ্তে কৃষকে ক্ৰয় কৰিছে ৫০০ টকাত।যি সময়ত মূল্যবৃদ্ধিয়ে সৰ্ব সাধাৰণ ৰাইজক জ্বলা কলা খুৱাইছে। তাৰ মাজতে দুখীয়া কৃষক ৰাইজৰ ওপৰত মাধমাৰ একাংশ অসাধু ব্যৱসায়ীৰ। কুম্ভকৰ্ণ নিদ্ৰাত যেন আজি কৃষি বিভাগ। কানসাৰ নাই বিষয়া-আমোলাৰ। এপিনে সম্প্ৰতি সৰিয়হ কৰাৰ সময় আনপিনে নামনি অসমত এতিয়া সাৰ বিচাৰি হাবাথুৰি  কৃষকৰ। দোকানত নাই DAP, MOP, তথা ইউৰিয়া,তাৰ মাজতে একাংশ দোকানত আছে যদিও মূল্য প্ৰায় দুগুণ। ইউৰিয়া সাৰ ২৬৬ টকাৰ পৰিৱৰ্তে ক্ৰয় কৰিব লগা ৫০০ টকাত, ইপিনে DAP আৰু MOP সাৰ নাই বজাৰত। তাৰে সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ী চলাইছে লুণ্ঠন ৰাজ। DAP সাৰ চৰকাৰী ৰাজ সাহায্য লাভ কৰি ক্ৰয় কৰিব লাগিছিল ৮০০ পৰা ৯০০ টকাত যদিও সেই সাৰৰ ক্ৰয় কৰিব লগা হৈছে ১৯০০ পৰা ২০০০ টকাত। বৰ্তমান কৃষকে কৃষি কৰ্মৰ ভৰপূৰ সময়। বিশেষকৈ সৰিয়হকে আদি কৰি বিভিন্ন খেতিত প্ৰয়োজন DAP সাৰ।

Leave A Reply