Breaking

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহিৰ উদ্যোগত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ সৌজন্যত মাজুলীত সাহিত্য প্ৰতিযোগিতা সম্পন্ন

0 114

দেওবাৰে মাজুলীৰ বিস্তৃত অঞ্চলৰ কেইবাখনো প্ৰাথমিক, মজলীয়া আৰু উচ্চ মাধ্যমিক বিদ্যালয়ক সামৰি শিশু, ছাত্র-ছাত্রীসকলৰ মাজত অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহি উপসমিতিৰ উদ্যোগত আৰু অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ সৌজন্যত মাজুলীৰ বেঙেনাআটী ৰমাকান্তদেৱ গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ত কবিতা আবৃত্তি আৰু আকস্মিক বাক্তিতা প্ৰতিযোগিতা দুটা পৰ্যায়ত সুকলমে অনুষ্ঠিত হয়৷

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন উপসমিতিৰ আহ্বায়ক মনোজ্যোতি ৰেগন আৰু কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ পৰিচালনাত অসম সাহিত্য সভাৰ দৃষ্টিভংগী অনুসৰি জনগোষ্ঠীয় ঐক্য-সম্প্ৰীতিৰ লগতে শিশু-কুঁহিসকলৰ সাহিত্যিক আৰু সাংস্কৃতিক উত্তৰণত বাবে এখন বিশেষ মঞ্চ প্ৰদানৰ লক্ষ্যৰে অনুষ্ঠিত কৰা দুয়োখন সাহিত্য প্ৰতিযোগিতাতে শিশু তথা ছাত্র-ছাত্রীসকলৰ বৰ্ণিল প্ৰতিভাৰ প্ৰকাশ পৰিস্ফুট হয়৷

সেই মৰ্মে নিম্ন শাখাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত স্বপ্নজিৎ মহন্ত, মৌচুমী ৰেগন, দিব্যজ্যোতি বৰুৱা, জুজুমণি ৰেগনে ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু বিচাৰকৰ বিশেষ পুৰষ্কাৰ লাভ কৰাৰ বিপৰীতে উচ্চ শাখাৰ কবিতা আবৃত্তিৰ প্ৰতিযোগিতাত চিম্পী বৰুৱা, কস্তুৰী শইকীয়া, বিউটী বৰাই ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু ৰাখী শইকীয়া, ঋষিতা বৰুৱা আৰু গীতাশ্ৰী শইকীয়াই বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰে৷

ইয়াৰ পিছতে আকস্মিক বাক্ প্ৰতিযোগিতাত নিম্ন শাখাত ক্ৰমে জ্যোতিষ্মান দত্ত, চয়নিকা পৰাগ, প্ৰিয়ংকা পায়েঙে আৰু উচ্চ শাখাত মৌচুমী পায়েং, সীমান্ত পায়েং আৰু দুলুমণি পায়েং, নৱনীতা পায়েঙে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰষ্কাৰ লাভ কৰে | বিশেষ নিয়মানুবৰ্তিতা অৱলম্বনৰ পুৰষ্কাৰ লাভ কৰে গুণগুণ শইকীয়াই৷

প্ৰতিযোগিতাৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ বিশেষ আমন্ত্ৰিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্তই উদ্বোধন কৰা দুয়োখন প্ৰতিযোগিতাতে মাজুলী জিলা সাহিত্য সভাৰ ধনভঁৰালী প্ৰণৱজিত মিশ্ৰ, অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ অন্যতম সদস্যা অনুপ্ৰভা দেৱী, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক কৃষাৰাণী শইকীয়া বৰুৱা, বেঙেনাআটী ৰমাকান্তদেৱ গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ দোলাকাষৰীয়া, সহকাৰী শিক্ষক থানেশ্বৰ শইকীয়া, ডেৰগে সোনোৱাল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰ্মল হাজৰিকা, সহকাৰী শিক্ষক তৃষ্ণাক্ষী শইকীয়া, ভোগপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক যাদৱ বৰা বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে৷

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি মাজুলী জিলা সাহিত্য সভাৰ কুঁহি উপসমিতিৰ আহ্বায়ক তথা বিশিষ্ট অনাতাঁৰ শিল্পী গোলাপ চন্দ্ৰ নাথে লোকগীত আৰু মিচিং ঐনিতম পৰিবেশনৰ পিছতে ছাত্রী ৰিকুমণি বৰা, মীনাক্ষী শইকীয়াৰ গীতে সকলোকে আপ্লুত কৰে৷

গ্ৰাম্যাঞ্চলৰ প্ৰতিজন শিশু-অভিভাৱককেই অসম সাহিত্য সভাৰ লগত জড়িত হৈ ভাষা-জননীৰ সেৱাত উৎসৰ্গিত হ’বলৈ আহ্বান জনোৱা উক্ত কাৰ্য্যসূচীৰ প্ৰশংসা কৰে উপস্থিত দুই শতাধিক সাহিত্যপ্ৰেমীয়ে৷

স্থানপ্ৰাপ্তসকলক অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহি উপসমিতিৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ, লেখন সামগ্ৰী তথা পুৰস্কাৰ বিতৰণৰ পিছতে জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে৷

Leave A Reply