বলিউদৰ বহু কথা! গোৱাত বিয়া ৰাকুল-জেকীৰ, ছানি দেউলৰ ছবিৰ জৰিয়তে পুনৰ ছবি জগতত প্ৰৱেশ প্ৰীতি জিন্টাৰ; ’12th Fail’ৰ প্ৰশংসাত পঞ্চমুখ অভিনেত্ৰী কৰীনা কাপুৰ…

বলীউডৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানীৰ বিবাহ সন্দৰ্ভত নতুন খবৰ! ২১ ফেব্ৰুৱাৰীত গোৱাত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ৰাকুল আৰু জেকীয়ে মুম্বাইত তাৰকাৰে ভৰা গ্ৰেণ্ড ৰিচেপচন পাৰ্টি অনুষ্ঠিত কৰিব। ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানীৰ বিবাহ সম্পৰ্কীয় বাতৰি ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে ভাইৰেল হৈ আছে যদিও এতিয়ালৈকে দম্পতীহালে তেওঁলোকৰ বিবাহ সন্দৰ্ভত কোনো তথ্য দিয়া নাই। আনহাতে ছানী দেউলৰ নতুন ছবি লাহোৰ ১৯৪৭ত প্ৰীতি জিন্তাৰ প্ৰৱেশ নিশ্চিত হৈছে। অভিনেত্ৰীগৰাকীৰ লুক টেষ্ট ফটোও প্ৰকাশ পাইছে। ছানী দেউলৰ ছবি লাহোৰ ১৯৪৭ লৈ প্ৰীতি জিন্তাই পুনৰ প্ৰত্যাৱৰ্তন কৰাৰ খবৰে বহু দিন ধৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আহিছে।


আনহাতে ‘টুৱেলভ ফেইল’ৰ প্ৰশংসাত পঞ্চমুখ অভিনেত্ৰী কৰীনা কাপুৰ কান। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত কৰীনা কাপুৰে বিক্ৰান্ত মেছি আৰু বিধু বিনোদ চোপ্ৰাকে ধৰি সমগ্ৰ দলটোক কিংবদন্তি বুলি অভিহিত কৰিছে।



আনহাতে ৪৮ বছৰ বয়সতো সুস্মিতা সেনে নিজৰ গ্লেমাৰাছ আৰু এলিগেণ্ট লুকেৰে কনিষ্ঠ অভিনেত্ৰীসকলক পিছ পেলাব। শেহতীয়াকৈ সুষমিতা সেন এটা এৱাৰ্ড শ্ব’ৰ অংশ হৈ পৰিছিল, য’ত অভিনেত্ৰীগৰাকীয়ে গ্লেমাৰৰ সৈতে নিজৰ মাৰ্জিত লুকটো প্ৰদৰ্শন কৰিছিল।


Related Articles