Breaking

এক বৃহৎ কূটনৈতিক জয়ঃ স্বদেশত আহি উপস্থিত হ’ল কাটাৰত মৃত্যুদণ্ড বিহা সাত ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন বিষয়া, জীৱন ৰক্ষাৰ বাবে ধন্যবাদ জনালে মোদীক…

0 25

নৱজীৱন ঘূৰাই পালে আঠ ভাৰতীয়। বিদেশৰ মাটিত মৃত্যুদণ্ডৰে দণ্ডিত হৈছিল তেওঁলোক। অৱশেষত ভাৰত চৰকাৰৰ আহ্বানত কাটাৰে ভাৰতীয় নৌসেনাৰ আঠজন প্ৰাক্তন কৰ্মীক মুকলি কৰি দিছে । চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ড বিহা আঠ ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন বিষয়াৰ প্ৰাণ অৱশেষত ৰক্ষা পৰিল । সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি সাতজন প্ৰাক্তন নৌ সেনা বিষয়াই ইতিমধ্যে দেশলৈ উভতি আহিছে। বাকী থকা এজনেও শীঘ্ৰে দেশলৈ উভতি আহিব। কাটাৰত ২০২২ চনৰ আগষ্ট মাহত দেশ খনৰ চোৰাংচোৱা সংস্থাই আঠজন প্ৰাক্তন নৌ সেনা বিষয়াক আটক কৰিছিল । তেওঁলোকে কাটাৰৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। তেওঁলোকৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উঠিছিল। কাটাৰত আটক হৈ থকা প্ৰাক্তন জনাইছে। মোদীৰ হস্তক্ষেপৰ বাবেই কাটাৰৰ চৰকাৰে ভাৰতীয় লোক কেইজনৰ মৃত্যুদণ্ডৰ আদেশ প্ৰত্যাহাৰ কৰিছিল আৰু তেওঁলোকক ভাৰতলৈ উভতি যোৱাৰ অনুমতি দিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা বিবৃতিত কৈছে “কাটাৰে কাটাৰী এয়াৰলাইনত সেৱা আগবঢ়োৱা আঠজন প্ৰাক্তন নৌ সেনা বিষয়াক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। আমি এই সিদ্ধান্তক স্বাগতম জনাইছো। সাতজনে ইতিমধ্যে দেশলৈ উভতি আহিছে’’। ইফালে, প্ৰাক্তন নৌ সেনা বিষয়াসকলে দেশৰ মাটিত ভৰি থোৱাৰ পিছতে আৱেগ বিহ্বল হৈ পৰে। তেওঁলোকে বিমানবন্দৰত “ভাৰত মাতা কী জয়” ধ্বনি দিয়ে। তেওঁলোকে স্বদেশলৈ উভতি আহিবলৈ সক্ষম হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

কাটাৰৰ পৰা উভতি অহা এজন প্ৰাক্তন নৌ সেনা বিষয়াই কয়, “আমি সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহি বৰ সুখী।আমাৰ জীৱন ৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধ্যবাদ জনাব বিচাৰো। আমাৰ দেশলৈ উভতি অহাটো সম্ভৱ হৈ উঠিল কেৱল মোদীৰ ব্যক্তিগত উদ্যোগৰ বাবেই ।’’ আন এজন প্ৰাক্তন নৌ সেনা বিষয়াই কয়, “প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ অবিহনে আজি আমাৰ বাবে ইয়াত থিয় হোৱাটো সম্ভৱ নহ’লহেঁতেন। ভাৰত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ই সম্ভৱ হৈছে।’’ সাতজন সেনা বিষয়াই ১৮ মাহৰ পিছত ঘৰলৈ উভতি আহিছে। ইয়াৰ পূৰ্বে, মোদী চৰকাৰৰ কূটনৈতিক প্ৰচেষ্টাৰ বাবে তেওঁলোকৰ মৃত্যুদণ্ডৰদণ্ড যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস হৈছিল আৰু অৱশেষত তেওঁলোকক মুকলি কৰি দিয়া হয় আৰু তাৰ পিছতে নিৰাপদে তেওঁলোক ভাৰতলৈ উভতি আহিছে। ২০২২ৰ আগষ্টত কেপ্তেইন নৱতেজ সিং গিল, কেপ্তেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ বাৰ্মা, কমাণ্ডাৰ সুগুণাকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা, কমাণ্ডাৰ অমিত নাগপালআৰু নাৱিক ৰাগেশক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেতিয়াৰপৰাই তেওঁলোক কাৰাগাৰত আছিল।২০২৩ৰ ২৬ অক্টোবৰত কাটাৰ আদালতে এই আটাইকেইজন ভাৰতীয়কে মৃত্যুদণ্ডৰেদণ্ডিত কৰিছিল।উল্লেখযোগ্য যে চিঅ’পি২৮ (COP28) সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানিৰ সৈতে মিলিত হৈ এই বিষয়ত আলোচনা কৰিছিল।ইয়াৰ পিছতে ডিচেম্বৰত মৃত্যুদণ্ডৰ নিৰ্দেশনা শিথিল কৰা হৈছিল।এতিয়া দেশলৈ উভতি অহা নৌসেনাৰ প্ৰবীণ সৈনিকসকলে তেওঁলোকৰ মুক্তি নিশ্চিতকৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু চৰকাৰক ধন্যবাদ জনায়। তেওঁলোকৰ এজনে কয়, “আমি অতিশয় সুখী যে আমি নিৰাপদে ভাৰতলৈ উভতি আহিছোঁ। নিশ্চিতভাৱে, আমি প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছোঁ, কাৰণ এয়া কেৱল তেখেতৰ ব্যক্তিগত হস্তক্ষেপৰ বাবেহে সম্ভৱ হৈছে।”সংকটৰ সময়ত ভাৰতে নিজৰ নাগৰিকক বিদেশৰ ভূমিৰপৰা নিৰাপদে ঘৰলৈ ঘূৰাই অনা কাৰ্য্য এয়াই প্ৰথম নহয়। ভাৰতে ইয়াৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ সুৰক্ষাক সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভাৰতৰ সকলো সম্ভাৱ্য কূটনৈতিক আৰু সামৰিক দক্ষতাৰপ্ৰয়োগেৰে ভাৰতীয় নাগৰিকক জটিল পৰিস্থিতিসমূহৰপৰা উদ্ধাৰ আৰু ঘৰলৈ অনাৰ ক্ষেত্ৰতক্ষীপ্ৰ আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি আহিছে।কেইবাগৰকীও গুৰুত্বপূৰ্ণ বিশ্ব নেতাৰ সৈতে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ সম্পৰ্ক আৰু ভাৰতৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় মৰ্য্যাদা সংঘাতময় অঞ্চলৰপৰা হাজাৰ-হাজাৰ ভাৰতীয়ক নিৰাপদে ঘৰলৈ অনাৰ ক্ষেত্ৰত সহায়ক হৈছে।

২০২২ চনৰ আগষ্ট মাহত, কাটাৰত নৌসেনাৰ আঠজন প্ৰাক্তন কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। উভতি অহা সকলৰ ভিতৰত কেপ্টেইন নৰতেজ সিং গিল, কেপ্টেইন বীৰেন্দ্ৰ কুমাৰ বৰমা, কেপ্টেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ পূৰ্ণেন্দু তিৰাৰী, কমাণ্ডাৰ সুগুংকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা আৰু নাবিক ৰাজেশ আছে।

Leave A Reply