Breaking

পুৱাই গুৱাহাটীৰ চেন্ট্ৰেল মলত ভয়ংকৰ অগ্নিকাণ্ড

0 2,053

অগ্নিকাণ্ডত লাখ লাখ মূল্যৰ সম্পত্তি ভস্মীভূত হৈছে। এতিয়ালৈকে কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই।জুই অট্টালিকাটোৰ প্ৰথম মহলাৰ পৰা আৰম্ভ হোৱা বুলি সন্দেহ কৰা হৈছে। মহানগৰীৰ গুৱাহাটী-শ্বিলং ৰোড GS ৰোড স্থিত চেন্ট্ৰেল মলত সংঘটিত হয় এই অগ্নিকাণ্ড। পুৱাৰ সময়ত দোকানৰ কৰ্মীয়ে দোকান খোলাৰ বাবে যোৱাৰ সময়তে প্ৰত্যক্ষ কৰে ধোৱা।লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। অগ্নি নিৰ্বাপক বাহিনীয়েও ততপৰতাৰে জুই নিৰ্বাপনৰ প্ৰচেষ্টা চলাই যাতে মলখনৰ অন্য দোকান সমূহলৈ জুই বিয়পি নপৰে।বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Leave A Reply