Breaking

বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ মৃত্যুক আঁকোৱালি ল’লে হেলেমৰ এজন লোক…

0 22

বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ মৃত্যুক আঁকোৱালি ললে হেলেমৰ এজন লোক।নশ্বৰ দেহ নিজ গৃহত আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে হেলেম চাহ বাগিছাত। কৰ্মৰ সন্ধানত বহিঃৰাজ্য মহাৰাষ্ট্ৰ লৈ মধ্যপ্ৰদেশত মৃত্যুক আঁকোৱালি ললে হেলেম চাহ বাগিছাৰ ৪ নং লাইনৰ এজন লোকে।হেলেম চাহ বাগিছাৰ মাৰ্চেল

গুড়িয়া নামৰ লোকজনে নিজৰ পৰিয়াল সহ তিনি পুত্ৰ সন্তানক পোহপাল দিয়াৰ বাবে যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ লৈ কৰ্মসুত্ৰে ৰেলেৰে গৈ থকা অৱস্থাত এক বিশেষ অসুখত ভোগে আৰু মধ্যপ্ৰদেশৰ কোনো এখন

ষ্টেচনৰ পৰা নাইকিয়া হয় আৰু পৰৱৰ্তী বাথ ৰোমত পৰি মৃত্যু হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে মঙ্গলবাৰে সন্ধিয়া নিজ গৃহলৈ নশ্বৰ দেহ আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।

Leave A Reply