বাঘক বাইকেৰে বন বিভাগৰ কাৰ্যালয়লৈ নিলে এজন ব্যক্তিয়ে ! সামাজিক মাধ্যমত ভাইৰেল সেই ভিডিঅ’…

ভাইৰেল ভিডিঅ’: এজন ব্যক্তিয়ে এখন বাইকত এটা বান্ধি লৈ ফুৰা দেখা গৈছে। এই ব্যক্তিজনৰ নাম মুথু। এই ঘটনা কৰ্ণাটকৰ আৰু বাঘক বাইক বান্ধি লৈ ঘৃৰি-ফূৰা ব্যক্তিজন কৰ্ণাটকৰ হাছান জিলাৰ বাগিভালু গাঁৱৰ মুথু। এই ঘটনাৰ সন্দৰ্ভত বন বিভাগে কয় যে নাহৰফুটুকীটো এনেদৰে লোৱাৰ উদ্দেশ্য ভুল নাছিল যুৱকজনৰ। প্ৰথমে চাই লওক সেই বিশেষ ভিডিঅ’টো…


এইদৰে ব্যক্তিজনে নাহৰফুটুকীটোক বন বিভাগলৈ লৈ যায়। মুথুৱে কয় যে তেওঁ নাহৰফুটুকীটোক ৰছী ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰ পিছত বাইকৰ পিছফালে বান্ধি বন বিভাগৰ কাৰ্যালয়লৈ লৈ গ’ল। আচলতে নাহৰফুটুকীটোৰ সৈতে মুথুৰ হৈছিল মুখামুখি সংঘৰ্ষ আৰু হাতত সামান্য আঘাত পাইছিল মুথুৱে। তাৰ পিছতে মুথুৱে বাঘটোক ধৰি-বান্ধি বন বিভাগৰ কাৰ্যলয়লৈ লৈ যায়। সেই ভিডিঅ’ ভাইৰেল হোৱাক লৈ ছ’চিয়েল মিডিয়াত মানুহে যথেষ্ট ক্ষোভ প্ৰকাশ কৰে। আনহাতে বন বিভাগৰ বিষয়াগৰাকীয়ে কয় যে মুথুৰ কোনো বেয়া উদ্দেশ্য নাছিল। কিন্তু নাহৰফুটুকীটোক চম্ভালি লোৱা ধৰণটো সঠিক আছিল। বন বিভাগৰ বিষয়াসকলে জনোৱা মতে চিকিত্সাৰ বাবে লৈ যোৱা নাহৰফুটুকীটো বৰ্তমান পৰ্যবেক্ষণৰ অধীনত আছে। লগতে এনেধৰণৰ গোচৰৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সম্পৰ্কে অধিক সজাগতা লাভৰ বাবে মুথুক কাউন্সেলিং চেচনৰ বাবে প্ৰেৰণ কৰা হয়।

Related Articles