প্ৰতিকূল বতৰকো নেওচি গোসাঁইগাঁও বিধান সভা সমষ্টিৰ চাওঁতাল আদিবাসী ভোটাৰৰ সমষ্টি বিভাজনৰ বিৰুদ্ধে হাৰাপুটাত বৃহৎ গণ প্ৰতিবাদ…

বৰষুণৰ প্ৰতিকূল বতৰকো নেওচি গোসাঁইগাঁও বিধান সভা সমষ্টিৰ চাওঁতাল আদিবাসী ভোটাৰক সমষ্টি বিভাজনৰ বিৰুদ্ধে আজি পুৱা গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত হাৰাপুটাত এক বৃহৎ গণ প্ৰতিবাদ সাব্যস্ত কৰে। বৰষুণৰ মাজত সদৌ চাওঁতাল ছাত্ৰ সন্থা, সদৌ আদিবাসী ছাত্ৰ সন্থা, চাওঁতাল কলনী গাওঁবুঢ়া সন্থা, নিখিল কুড়ুক ছাত্ৰ সন্থা‌(ওৰাং) আদিকে ধৰি চাওঁতাল আদিবাসী সকলৰ বিভিন্ন দল সংগঠনৰ যৌথ উদ্যোগত হাজাৰ হাজাৰ ৰাইজ হিলদলভাঙি হাৰাপুটা ফুটবল খেলপাথাৰত উপস্থিত হৈ এক বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি গোসাইগাঁও বিধান সভা চাৰি ভাগত বিভক্ত কৰা নহব, গোসাইগাঁও বিধান সভা সমষ্টি লাগিবই ,মিত্ৰজোঁট চৰকাৰ হায়! হায়! ,আদিবাসী জাগিছে,আদিবাসীৰ মৌলিক অধিকাৰ খৰ্ব কৰা নচলিব ,অসম চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্লোগান দি আকাশ – বতাহ উত্তাল কৰি তোলে ৷

গোসাঁইগাঁও বিধান সভা সমষ্টিক বিভাজন নকৰি সমষ্টিটোক চাওঁতাল আদিবাসী সকলৰ বাবে সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰক আহ্বান জনায়। সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিমান সৰেনে কয় যে চৰকাৰে কাৰোবাক সন্তুষ্ট কৰিবলৈ চাওঁতাল সকলক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে। আমি কেতিয়াও এয়া হ’বলৈ নিদিওঁ। প্ৰয়োজন সাপেক্ষে আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম বুলিও হুংকাৰ দিয়ে।

Related Articles