Breaking

মূখ্যমন্ত্ৰীলৈ ছয় দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰদান নদুৱাৰ শাখা আটছাৰ

0 2,026

চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া ছয় দফীয়া দাবী পূৰণৰ বাবে আটছাই ৰাজ্যৰ প্ৰত্যেক জিলাৰ পৰা মূখ্য মন্ত্ৰীলৈ চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সামাধানৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কাৰ্যসূচী হাতত লোৱাৰ লগতে বিশ্বনাথ জিলাৰ আন আন শাখা আটছাৰ দৰে নদুৱাৰ শাখাইয়ো যোৱা কালি জিলা উপায়ুক্তৰ জৰিয়তে মূখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তী আৰু সম্পাদক গ্ৰীনন্দৰ কুৰ্মী স্বাক্ষৰীত চাহ জনগোষ্ঠীক  জনজাতিকৰণ,চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি,ভূমি পট্টা প্ৰদান,শিক্ষিত যুৱক যুৱতীৰ সংস্থাপন,চাহ অধ্যুষিত অঞ্চলৰ বিদ্যালয় সমূহ চৰকাৰীকৰণ আৰু ক্ষুদ্ৰ চাহ বাগিছাৰ শ্ৰমিক সকলৰ মজুৰি অসম চাহ কোম্পানীৰ বাগিচা সমূহৰ সম পৰিমানে প্ৰদান;এই মুঠ ছয় দাবী শীঘ্ৰে ৰূপায়নৰ দাবীৰে মূখ্য মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে নদুৱাৰ শাখা আটছাই। উল্লেখ্য যে বিগত সময়ত চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক সকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ তুলিছে সংগঠনটোৱে । অনাগত দিনত সমস্যা সমূহ সমাধান নকৰিলে সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। উক্ত দিনাই জিলাখনৰ চাৰিটাকৈ শাখাই স্মাৰক পত্ৰ প্ৰদান কৰা কাৰ্যসূচীত উপস্থিত থকা জিলা সভাপতি ধীৰাজ তাঁ‌তীয়ে কয় যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগতে অসমৰ অৰ্থনীতিৰ বুনিয়াদ গঠন কৰা বৃহত্তৰ চাহ জনগোষ্ঠী সমাজখনৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ বৰ্তমানেও এক দাবী হৈয়ে থাকি যোৱাটো সমগ্ৰ জাতিটোৰ বাবে এক দুৰ্ভাগ্যজনক বিষয় বুলি মন্তব্য কৰে। সম্প্ৰতিক ৰাজ্যত ক’ভিড পৰিস্থিতিৰ কিছু শিথিলতাৰ ওপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় আটছাই দিয়া নিৰ্দেশ অনুসৰি চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া ছয় দফীয়া দাবী পূৰণৰ বাবে আটছাৰ জিলা,শাখাই এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব দিয়ে বিশ্বনাথ জিলা আটছাৰ উপ-সভাপতি বাবুল গোৱালা,শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰৰ লগতে সহকাৰী সম্পাদক বিমল দ্বীপে।

Leave A Reply