Breaking

দেশৰ বাবে এক গৌৰৱৰ এক ক্ষণ ! বহু প্ৰতীক্ষিত চন্দ্ৰযান-৩ৰ সফলতাৰে উৎক্ষেপণ…

0 226

চন্দ্ৰযান ৩ উন্মোচন: দেশৰ বাবে এক গৌৰৱৰ এক ক্ষণ ! বহু প্ৰতীক্ষিত চন্দ্ৰযান-৩ৰ সফলতাৰে উৎক্ষেপণ ৷ তৃতীয় চন্দ্ৰযান অভিযানৰ আৰম্ভণিতে ইছৰোৰ মুৰব্বী মুৰব্বী এছ সোমনাথে কয় যে চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ ফালে যাত্ৰা আৰম্ভ কৰি মহাকাশত ইতিহাস সৃষ্টি কৰিছে৷ চন্দ্ৰ জয়ৰ বাবে ভাৰতৰ চন্দ্ৰযান-৩ অভিযান আৰম্ভ হৈছে। মহাকাশৰ ক্ষেত্ৰত ভাৰতে ইতিহাসৰ সৃষ্টি কৰিছে। সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি ২.৩৫ বজাত তৃতীয় চন্দ্ৰযান অভিযান উৎক্ষেপণ কৰে। এই সন্দৰ্ভত ইছৰোৰ মুখ্য মুৰব্বী এছ সোমনাথে কয় যে ‘চন্দ্ৰযান-৩’ই চন্দ্ৰৰ দিশে যাত্ৰা আৰম্ভ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়া, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশকে ধৰি বহু নেতাই চন্দ্ৰযান-৩ উৎক্ষেপণক লৈ আনন্দ প্ৰকাশ কৰে। আনহাতে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণ আমাৰ সকলো ভাৰতীয়ৰ বাবে অতি গৌৰৱ আৰু উৎসাহৰ অনুষ্ঠান। মাণ্ডবিয়াই ক’লে যে গৌৰৱৰ মুহূৰ্ত। অভিনন্দন ভাৰত! লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে – ’দেশৰ বাবে বিৰল গৌৰৱৰ মুহূৰ্ত!বহু প্ৰতীক্ষিত চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণৰ সৈতে জড়িত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO – Indian Space Research Organisationৰ লগতে বিজ্ঞানী তথা অভিযন্তাসকলক আন্তৰিক অভিনন্দন!অনন্ত বিশাল মহাকাশৰ অন্বেষণৰ দিশত ভাৰতৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টা সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। চন্দ্ৰযান-৩ অভিযানে নিঃসন্দেহে নতুন আৱিষ্কাৰ, বিজ্ঞান-প্ৰযুক্তিৰ দিশত চমকপ্ৰদ অগ্ৰগতি আৰু নতুন চিন্তা-চেতনাৰ পথ প্ৰশস্ত কৰিব।’

Leave A Reply