মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত গৰুমাৰা দলনি গাঁৱৰ ২২ বছৰীয়া এক সন্তানৰ মাতৃ নিৰুদেশ হৈ আছে।
গৰুমাৰা দলনী গাঁৱৰ মতিবুৰ ৰহমানৰ পত্নী ৰমিছা খাতুনে ১ জুলাই তাৰিখে স্বামীৰ ঘৰৰ পৰা নিজ মাতৃৰ ঘৰলৈ যাম বুলি দিনৰ ১০ বজাত আঢ়ৈ বছৰীয়া পুত্ৰক লগত লৈ ওলাই যায়।

আবেলি স্বামীৰ ঘৰৰ পৰা ৰমিছা খাতুনৰ ঘৰলৈ ফোন কৰাত ৰমিছা খাতুন মাতৃ ঘৰলৈ যোৱা নাই বুলি জনাই।
লগে লগে স্বামীৰ ঘৰৰ পৰিয়ালে বহু ঠাইলৈ যোগাযোগ কৰিছে যদিও এতিয়ালৈ বোৱাৰী গৰাকীৰ সন্ধান পোৱা নাই। স্বামীৰ পৰিয়ালে মায়ং থানাত এখন এজাহাৰ দাখিল কৰিছে।
কোনো সদাশয় ব্যাক্তিয়ে বোৱাৰী গৰাকীৰ সন্ধান পালে 7576939879 /8486535296 এই নাম্বাৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

