Breaking

অসমীয়া সাহিত্য জগতত নতুনকৈ সংযোজন হ’ল সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী ”চর্চা”

0 108

যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত আৰু গোলাঘাটৰ বনগাঁৱৰ বিশিষ্ট লেখিকা, সাহিত্যিক ৰাজশ্ৰী শৰ্মাৰ সম্পাদিত “চৰ্চা” নামৰ এখন দুমহীয়া আলোচনী সোমবাৰে গোলাঘাটৰ খুমটাই চাহ বাগিচাস্থিত জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত শুভ উন্মোচন কৰা হয়।

আনহাতে ‘বিশ্ব পৰিৱেশ দিৱস’ৰ লগত সংগতি ৰাখি বিদ্যালয় প্ৰাংগণত গছপুলি ৰোপণৰ লগতে এখনি চিত্ৰাংকণ প্রতিযোগিতাৰ আয়োজন কৰা হয়।

পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত এই প্রতিযোগিতা দুটা শাখাত অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত সভাত দুমহীয়া আলোচনী ‘চৰ্চা’ উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক মৃণালিনী গোস্বামীয়ে।

দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ তথা মাহেকীয়া আলোচনী “দিগদৰ্শন”ৰ সম্পাদক পংকজ কুমাৰ দাসে আঁত ধৰা সভাত বিশিষ্ট সাহিত্যিক মাখনলাল বাঢ়ৈ, বিশ্বেশ্বৰ বৰাইক, অনিল শৰ্মা, দিলীপ তাঁতী, বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰিতুন শৰ্মা,বিশিষ্ট সমাজকৰ্মী নৰেন গঞ্জু আদি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে।

সভাত চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত দুয়োটা শাখাৰ প্ৰতিযোগীক বঁটা আৰু মানপত্র প্ৰদান কৰাৰ লগতে দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয়স্থান প্রাপ্ত বাদুলিপাৰ বুঢ়া লিকচনৰ অনিন্দিতা বড়াক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়৷

Leave A Reply