Breaking

২৪ মে’ত ছবিগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি

0 37

এখন নতুন অসমীয়া ছবিৰ প্ৰযোজক -পৰিচালক অভিনেতা-অভিনেত্ৰী কলাকুশলী একত্ৰিত হ’ল আজি গুৱাহাটী প্ৰেছ ক্লাৱত৷ অহা ২৪ মে’ শুকুৰবাৰে সমগ্ৰ অসমৰ ৫৫টা ছবিগৃহত শুভমুক্তি লাভ কৰিব মধুৰ চিনে আৰ্টৰ বেনাৰত ৰাতুল চন্দ্ৰ বৰুৱা প্ৰযোজিত আৰু কিশোৰ তহবিলদাৰ পৰিচালিত অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি৷ সেই উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি ছবিখনৰ প্ৰযোজক- পৰিচালক আৰু ছবিখনত অভিনয় কৰা শিল্পীসকলৰ লগতে অন্যান্য কলাকুশলীসকলে সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহায়- সহযোগিতা কামনা কৰে৷


আজিৰ সংবাদ মেলত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ,প্লাৱিতা বৰঠাকুৰ ,সিদ্ধাৰ্থ কাশ্যপ,সংগীত শিল্পী ৰূপম ভূঞা । আদি উপস্থিত থাকে৷মধুৰ চিনে আৰ্টৰ বেনাৰত নিৰ্মিত প্ৰতিশ্ৰুতি ছবিখন ড্ৰাগচৰ অন্ধকাৰ জগতৰ পটভূমিত এদল সাহসী আইন ৰক্ষকৰ ন্যায় যুঁজৰ কাহিনীৰে আগবঢ়াই নিয়া হৈছে৷ প্ৰতিশ্ৰুতি চলচ্চিত্ৰখনৰ কাহিনী আৰু সহ পৰিচালনা ৰাতুল চন্দ্ৰ বৰুৱাৰ৷চিত্ৰগ্ৰহণ কৰিছে সূৰুয ডেকা,সুমন দুৱৰা আৰু উত্তম কলিতাই৷ ছবিখনৰ মুখ্য সহকাৰী পৰিচালক সমৰ জ্যোতি সৰকাৰ৷ ছবিখনৰ চিত্ৰনাট্য -সংলাপ যুটীয়াভাৱে লিখিছে কিশোৰ তহবিলদাৰ আৰু ৰাতুল বৰুৱাই৷ ছবিখনত অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰ ,বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী,প্লাৱিতা বৰঠাকুৰ,সিদ্বাৰ্থ কাশ্যপ ,ৰূপম বৰুৱা,গীতাৱলী ৰাজকুমাৰী,স্নিগ্ধা ৰাণী বৰুৱা,শিৱৰঞ্জনী বৰুৱা,প্ৰিয়ানুজ বৰুৱা৷অতিথি শিল্পী হিচাপে অভিনয় কৰিছে জুবিন গাৰ্গে৷গীত লিখিছে দিগন্ত ভাৰতী আৰু আমৃনা জেৰিয়ানাই৷সংগীত ব্যৱস্থাপনা মানস হাজৰিকাৰ৷

প্ৰযোজনা নিয়ন্ত্ৰক সমীৰ শইকীয়া৷ৰূপসজ্জা আৰু সাজসজ্জা মন্দিতা গোস্বামীৰ৷সম্পাদনা ৰমেন বৰাৰ৷
ভি এফ এক্স ৰাতুল দত্তৰ৷কলা নিৰ্দেশনা শ্যামল ময়ূৰ চেতিয়া আৰু চামিলৰ৷ আৱহ সংগীত সপোন শইকীয়া৷শব্দ সংমিশ্ৰণ সৌভিক ফুকন আৰু নৱপন ডেকা৷এৰিয়েল চিনেমাটোগ্ৰাফী চিৰঞ্জীৱ দত্ত৷

সমৰকলা নিৰ্দেশক বিভাস সিংহ৷ছবিখনৰ সংগীত পৰিচালক ৰাতুল বৰুৱা,পলাশ সূৰ্য্য গগৈ,পৰাণ বৰকটকী,ত্ৰিনয়ন বৰুৱা,আমৃনা জেৰিয়ানা৷
গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ,মহালক্ষ্মী আয়াৰ,ৰূপম ভূঞা,ত্ৰিনয়ন বৰুৱা আৰু স্কটলেণ্ডৰ শিল্পী অৰিয়ান চেট্‌ছে৷কৰিঅ’গ্ৰাফী হিমানীল কাশ্যপ আৰু ৰাজ দত্তৰ৷
পষ্টাৰ ডিজাইন কৰিছে দীপাংকৰ চহৰীয়াই৷

Leave A Reply