Breaking

কোভিডৰ নতুন ৰূপঃ কেৰালাত কোভিডৰ নতুন প্ৰজাতিত আক্ৰান্ত এজন লোক

0 88

পুনৰ ৰঙা চকু দেখুৱাই আহিছে কোভিডে। পুনৰ ভয়াৱহ ৰূপত মূৰ দাঙি উঠিছে কোভিডে।কোভিড এতিয়াও পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই ৷ হয়, শেহতীয়াকৈ পোহৰলৈ আহিছে ইয়াৰ এক নতুন ভেৰিয়েন্ট ৷

আচলতে আজিকালি কোনেও জানিবই নিবিচাৰে কৰ’নাৰ বিষয়ে। ক’তো বিশেষ আলোচনাও নহয়, গতিকে বহুতৰে মনলৈ আহে এটা প্ৰশ্ন যে ক’ৰ’না সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে নেকি? উত্তৰটো হ’ল- নাই। হয়, শেষ হোৱা নাই মহাসংহাৰী ক’ভিড। যদিও ক’ভিডৰ বিষয়ে চৰ্চা কমি আহিছে, কিছু সময়ৰ পাছত নতুন ভেৰিয়েন্টৰ উন্মেষ ঘটিছে। শেহতীয়াকৈ ক’ৰ’নাৰ এটা চাব-ভেৰিয়েণ্ট JN-1এ আমেৰিকাত উত্তেজনাৰ সৃষ্টি কৰিছে, এতিয়া কেৰালাতো ধৰা পৰিছে এই নতুন ভেৰিয়েণ্ট।

যোৱা ৮ ডিচেম্বৰত কেৰালাত JN.1 sub-form Covid-19ৰ এজন ৰোগী ধৰা পৰিছে। শনিবাৰে চৰকাৰী সূত্ৰই এই তথ্য প্ৰদান কৰে এই তথ্য। ১৮ নৱেম্বৰত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনা আৰ টি-পিচিআৰত পৰীক্ষা কৰা হৈছিল, য’ত সংক্ৰমিত হোৱা দেখা গৈছিল। মহিলাগৰাকীৰ ইনফ্লুৱেঞ্জা সদৃশ ৰোগৰ মৃদু লক্ষণ আছিল আৰু তেওঁ ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছিল।

এফালে নতুন Covid ভেৰিয়েন্ট আৰু আনফালে এই দেশে HV.1 ভেৰিয়েন্ট নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি আছে। এতিয়া ভাৰতৰ জনসাধাৰণেও অলপ সাৱধান হোৱাটো প্ৰয়োজন। যদি আপুনি কেৰালাত থাকে তেন্তে ইয়াৰ আশংকা অলপ বেছি।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ স্বাস্থ্য ব্যৱস্থাৰ বাবে উদ্বেগ সৃষ্টি হৈছে কাৰণ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এই ৰোগ ধৰা পৰিছে। বিশেষজ্ঞসকলৰ মতে, এই নতুন ভেৰিয়েন্টৰ প্ৰভাৱ ৰাজ্যখনত ইতিমধ্যে বৃদ্ধি পোৱা ৰোগীৰ ওপৰত পৰিব পাৰে। ইফালে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ ক’ভিড টাস্ক ফ’ৰ্চৰ সহ-সভাপতি ডাঃ ৰাজীব জয়দেৱনে কয় যে শেহতীয়াকৈ ভাৰতত বিশেষকৈ কেৰালাত ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে জেএন.১ এটা কাৰক হ’ব পাৰে।

Leave A Reply