Breaking

নাজিৰাৰ বাহগড়ত সমূহীয়া ন খোৱা উৎসৱ। প্ৰদৰ্শিত হ’ল গাঁৱৰ চহা জীৱনৰ প্ৰতিচ্ছবি

0 67

নাজিৰাৰ সমষ্টিৰ ধোপাবৰ মৌজাৰ বাহগড়ত সমূহীয়াকৈ অনুষ্ঠিত কৰে ন খোৱা উৎসৱ। বাহগড় ৰিক্ৰেচন ক্লাবৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত উদযাপিত এই সমূহীয়া ন খোৱা উৎসৱত অঞ্চলটোৰ প্ৰায় ১৫০০ লোকৰ লগতে অসম বিধানসভাৰ বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ও অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত প্ৰদৰ্শিত হয় গাঁৱৰ চহা জীৱনৰ প্ৰতিচ্ছবি। কৃষিৰ কাৰ্যৰ প্ৰয়োজনীয় সা- সামগ্ৰী, ভঁৰাল,ঢেকী, মৎস্য চিকাৰৰ বিভিন্ন সজুঁলি আদিৰ প্ৰদৰ্শনীয়ে অনুষ্ঠানটোৰ বিশেষ ভাৱে শোভাবৰ্ধন কৰে । বিভিন্ন থলুৱা খাদ্যৰে আপ্যায়িত কৰা হয় ৰাইজৰ লগতে নিমন্ত্ৰিত অতিথি সকলক।

এনেবোৰ অনুষ্ঠানৰ জৰিয়তে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত ভাতৃত্ববোধ সম্প্ৰীতি গঢ়িব পৰা যাব বুলি আশা ব্যক্ত কৰে আয়োজক সকলে।

Leave A Reply