Breaking

গহপুৰ কাৰিবিলত “শ্বাসত” কবিতা পুথি উন্মোচনী সভা…

0 83

গহপুৰ কাৰিবিল হাইস্কুলৰ প্ৰেক্ষাগৃহত এখনি কবিতা পুথি উন্মোচনী সভা অনুষ্ঠিত হয়। কাৰিবিল অঞ্চলৰ বিশিষ্ট লেখিকা ,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জু বৰা ভূঞাৰ কলমৰ ফাকেৰে সৃষ্টি হোৱা “শাশ্বত” কবিতা পুথি উন্মোচনী সভাখনি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে শুভাৰম্ভনি কৰা হয়।শিক্ষক ব্ৰজেন ভূঞাই আঁত ধৰা সভাখনিত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভদ্ৰেশ্বৰ মিলিয়ে।তাৰ পিছতে বৰগীত পৰিৱেশন হয় আৰু সভাৰ কাৰ্যসূচী অনুষ্ঠিত হয়।উক্ত সভাত সভাপতিত্ব কৰে কাৰিবিল মধ্য ইং বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক যাদৱ নেপালে।গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী কৃপালী গোস্বামী। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম বৈদিক মহাসভাৰ পত্ৰিকা সম্পাদক,অৱসৰ প্ৰাপ্ত শিক্ষক,অভিনেতা তৰুন বৰুৱা,বিশ্বনাথ জিলা সাহিত্য সভাৰ কাৰ্যনিবাহক বিপিন বৰা,অৱসৰ প্ৰাপ্ত শিক্ষক,খুহুতীয়া ৰচক দেৱ মহন্ত,কাৰিবিল হাইস্কুলৰ প্ৰধান শিক্ষক ইন্দ্ৰ বাহাদুৰ চেত্ৰী,কাৰিবিল হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰ:শিক্ষক ঋষি ৰাম ৰিজালকে ধৰি বৌদ্ধিক মহলৰ বহু গন্যমান্য ব্যক্তি।

উদ্ধোধনী ভাষন প্ৰদাণ কৰে বিশিষ্ট লেখক অভিনেতা তৰুন বৰাই।তাৰ পিছতে শ্বাসত কবিতা পুথি খনি উন্মোচনী অনুষ্ঠানটি সম্পন্ন হয়। উপস্থিত ৰাইজ তথা গহপুৰ বাসীয়ে অনাগত দিনত আৰু ন ন কবিতা পুথি লেখিকা অঞ্জু বৰা ভূঞাৰ কলমৰ ফাঁকেৰে সৃষ্টি পাব বুলি আশাবাদী।

গহপুৰৰ পৰা অৰবিন্দ নেৱাৰৰ প্ৰতিবেদন

Leave A Reply