Breaking

হাজো ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সমীপত এটি ৰাজহুৱা শৌচালয় মুকলি বিধায়িকা সুমন হৰিপ্ৰীয়াৰ

0 74

কামৰূপ জিলাৰ অন্তৰ্গত হাজো ৰাজহ চক্ৰ কাৰ্যলয়ৰ সমীপত ২০২১-২২ বৰ্ষৰ বিধায়ক পুজিৰ আবণ্টিত ধনৰে ৰাইজৰ সুবিধাৰ্থে নিৰ্মিত ৰাজহুৱা শৌচালয়টি আজি আনুষ্ঠানিকভাৱে মুকলি কৰে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰীয়াই।

অৱশ্যে প্ৰতিদিনেই ৰাজহ চক্ৰ কাৰ্যলয়লৈ অহা যোৱা কৰা মানুহখিনি বিশেষকৈ মহিলাখিনিৰ বাবে অতিকৈ প্ৰয়োজনীয় এটা দীৰ্ঘদিনীয়া অভাৱ পূৰনাৰ্থে আজি ৰাজহুৱা শৌচালয়টি মুকলি কৰি বিধায়িকা সুমন হৰিপ্ৰীয়াই অত্যন্ত সুখী অনুভৱ কৰে।

আজিৰ মুকলি অনুষ্ঠানটিত হাজো চক্ৰ বিষয়া জাহ্নৱী সোণোৱাল ,খণ্ড উন্নয়ন বিষয়া নন্দিতা চহৰীয়া ,হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী ডেকা পাঠক,উত্তৰ কামৰূপ জিলা বিজেপিৰ উপ সভাপতি নগেন মালাকাৰ ,হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা, ২ নং হাজো গাওঁ পঞ্চায়তৰ সভানেত্ৰী তিলমা মেধি ,কুলহাটী পাচগাওঁ পঞ্চায়তৰ সভানেত্ৰী পদুমী দাস, বিজেপি নেতা জিতেন্দ্ৰ পাটোৱাৰী,বিষ্ণু প্ৰসাদ পাঠক,ভাস্কৰ ভৰালী,ব্ৰজেন্দ্ৰ ভৰালী,কিশোৰ ডেকা,অপূৰ্ব মজুমদাৰকে ধৰি বহু সংখ্যক দলীয় কাৰ্যকৰ্তা তথা ৰাইজ উপস্থিত থাকে ।

Leave A Reply