উত্তৰ-পূব ভাৰতৰ প্ৰথম হিচাপে ১০০খন বিচনাযুক্ত চিকিৎসালয়ৰ সৈতে যোগ আৰু নেচাৰ’পেথি গৱেষণা প্ৰতিষ্ঠান ডিব্ৰুগড়ত স্থাপন হ’ব।

ইয়াৰ ফলত ভাৰতৰ প্ৰাচীন সাধনা আধুনিক স্বাস্থ্যসেৱাৰ সৈতে সংযুক্ত কৰাৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাক এক শক্তিশালী ৰূপ প্ৰদান কৰিব।

প্ৰায় ১০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পটোৰ জৰিয়তে অসমক বিশ্বৰ অগ্ৰণী আয়ুৰ্বেদ চিকিৎসাৰ ক্ষেত্ৰখনৰ সৈতে সংযুক্ত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসৰ্বানন্দ সোণোৱালক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।