ডিগবৈত শিল বালি মাফিয়াৰ দুই ফৌয়দৰ মাজত পচণ্ড মাৰপিট।নিৰৱ ভূমিকাত ডিগবৈ বন বিভাগ…

তৈলনগৰী ডিগবৈত আজি কিছুদিন ধৰি শিল বালি অবৈধ ব্ৱসায়ীসকলৰ মাজত সংঘাটৰ সৃষ্টি হৈ আহিছে ।যোৱাকালি পৰিস্থিতি বেয়াফালে ঢাল লয় ডিগবৈ আৰু মাঘেৰিটাৰ দুটা ফৌয়দৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়।

জানিব পৰা মতে ডিগবৈ নাজিৰা টিংঙৰ ডিব্ৰুু নৈ বালিখনন বনবিভাগে বন্ধ কৰি দিয়াৰ বিপৰীতে মাৰ্ঘেৰিটা বালিখনন চলি থকাক লৈ ডিগবৈৰ চোৰাং বালি ব্যৱসায়ীসকলে মাৰ্ঘেৰিটাৰ শিল বালি অহাটো বন্ধ কৰি দিয়াত দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়।কালি এজন গাড়ী চালকক বেয়াকৈ মাৰপিট কৰাত যোৱা নিশা ডিগবৈ আৰক্ষী চকীত এক উত্তেজনাময় পৰিবেশৰ সৃষ্ট হয় । আনপিনে স্থানীয় বহুকেইটা দল- সংগঠনে বন বিভাটোক অবৈধ শিল বালিৰ ব্যৱসায়ী সম্পূণৰুপে বন্ধ কৰিবলৈ দাবি উথাপন কৰাৰ লগতে আন্দোলনৰ হুঙ্কাৰ প্ৰদান কৰি ।

ডিগবৈৰ পৰা ৰুনু হাজৰিকা

Related Articles