নেমু খেতিৰে বজাৰ দখলৰ লক্ষ্য সোণাৰি চফ্ৰাইৰ একাংশ যুৱকৰ

ৰাজপথ বা সভাৰ শ্ল’গান নহয়, পথাৰো আমাৰ, বজাৰো আমাৰ এই বাক্যশাৰী বাস্তৱত সঠিক ৰূপত ব্যৱহাৰ কৰিছে সোণাৰিৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে। চাকৰিৰ মহঙা দিনত কৃষিকাৰ্যৰ জৰিয়তে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী যুৱক প্ৰশান্ত দত্ত। সোণাৰিৰ চফ্ৰাই মোহন গাঁও অঞ্চলৰ নিবাসী ক্ষীৰেন্দ্ৰ দত্তৰ পুত্ৰ প্ৰশান্ত দত্তই কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। চৰাইদেউ জিলাৰ সোঁমাজেৰে বৈ যোৱা দিচাং নদীৰ কাষত কেইবা বিঘা মাটিত বিভিন্ন শস্যৰ খেতি কৰি উপাৰ্জনৰ পথ মুকলি কৰিছে। বিশেষকৈ তিনি বিঘা মাটিত থলুৱা জাতৰ কাজি নেমু আৰু ডেৰ বিঘা মাটিত গোল নেমুৰ খেতি এতিয়া বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰায় দহ বছৰ পূৰ্বে নেমু খেতি কৰিবলৈ লোৱা প্ৰশান্ত দত্তই এতিয়া সোণাৰি, শিমলুগুৰিকে ধৰি চৰাইদেউ জিলাৰ বিভিন্ন বজাৰত বছৰি ৭০ হাজাৰোধিক কাজি নেমু যোগান ধৰিবলৈ সক্ষম হৈছে। ইফালে চৰকাৰী সুবিধা অবিহনে কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ নিজৰ অভিজ্ঞতাৰে কৃষিকৰ্ম কৰি স্বাৱলম্বী হোৱা প্ৰশান্তই নিজৰ ঘৰখন পোহপাল দিয়াৰ লগতে কেইবাটাও পৰিয়ালক দিছে সংস্থাপনৰ সুবিধা। এই গৰাকী যুৱ কৃষক প্ৰশান্ত দত্তই জনোৱা মতে তেখেতৰ বাৰীত প্ৰায় ৩৫০ জোপা কাজি নেমু আৰু ৮০ জোপা গোল নেমুৰ গছ আছে। বৰ্তমান ফলেৰে পৰিপূৰ্ণ হৈ থকা গছবোৰ প্ৰতিপালন কৰিবলৈ প্ৰশান্তই থলুৱা পদ্ধতি ব্যৱহাৰ কৰিছে যদিও কিছু ব্যতিক্ৰমী পদ্ধতি নিজা অভিজ্ঞতাৰ পৰা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে এই প্ৰতিবেদকক। আনহাতে বৰ্তমান  প্ৰতিটো কাজিনেমু দুই টকাকৈ পাইকাৰী দৰত সোণাৰি, শিমলুগুৰি আদি বজাৰত ব্যৱসায়ীসকলে ক্ৰয় কৰে বুলি জনায় কৃষকজনে। ইফালে প্ৰশান্ত দত্তৰ আন দুগৰাকী ভাতৃ ৰিতুল দত্ত আৰু বিতুল দত্তয়ো ঋতুকালীন শস্যৰ লগতে নেমু খেতিৰ জৰিয়তেই স্বাৱলম্বী হোৱা বুলি জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে যি সময়ত ৰাজ্যৰ লাখ লাখ যুৱকে নিজৰ ঘৰতে অজস্ৰ মাটিবাৰী এনেয়ে পৰি থকাৰ পাছতো নিজকে নিবনুৱা আখ্যা দি চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই বুলি কেৱল চৰকাৰক দোষ দি আহিছে তেনে সময়তে প্ৰশান্ত, ৰিতুল, বিতুলহঁতৰ দৰে বহুজনে ওপজা মাটিৰ সুবাসেৰে কৃষিকৰ্মৰ লগতে আন আন কামৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ কৰা প্ৰয়াস আছলতে সমাজৰ আদৰ্শ হিচাপে বিবেচিত হৈছে।

Related Articles