Breaking

তৃণমূল কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীৰ কংগ্ৰেছত যোগদান

0 45

তৃণমূল কংগ্ৰেছৰ বজালী আৰু নলবাৰীৰ একাংশ নেতা-কৰ্মীৰ কংগ্ৰেছত যোগদান।

জিলা দুখনৰ তৃণমূল কংগ্ৰেছৰ সভাপতি, উপ-সভাপতি, মহিলা নেত্ৰীসহ কুৰিৰো অধিক তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে সোমবাৰে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত কংগ্ৰেছ দলৰ সদস্যপদ গ্ৰহণ কৰে।

যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মানস বৰা, কংকণ দাস, ৰাতুল কলিতা, বেদব্ৰত বৰা আদি নেতাসকলো উপস্থিত থাকে।

Leave A Reply