Breaking

দুৰ্ঘটনাত পতিত হয় নগাঁও জিলাৰ চামগুৰিত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ নিৰাপত্তাৰক্ষীৰ বাহন

0 93

আজি গুৱাহাটীৰ পৰা বোকাখাত অভিমুখী যাত্ৰাৰ সময়ত নগাঁও জিলাৰ চামগুৰিত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ নিৰাপত্তাৰক্ষীৰ বাহন এখন এক অনাকাংক্ষিত দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়।

এই দুৰ্ঘটনাত আহত আটাইকেইজনৰে তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে স্থানীয় যুৱক মনিকণ দাসৰ মৃত্যু হয়। তেওঁৰ পৰিয়ালৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰা মন্ত্ৰী অতুল বৰাই।

লগতে বাহনখনৰ চালকগৰাকীকে ধৰি আঘাতপ্ৰাপ্ত আন তিনিওগৰাকী আৰক্ষী জোৱান সম্প্ৰতি চিকিৎসাধীন হৈ আছে। তেওঁলোক আটাইৰে আশু আৰোগ্য কামনা কৰিলে মন্ত্ৰী অতুল বৰাই।

Leave A Reply