Breaking

মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা, স্কুটীত মৃতদেহ পেলাবলৈ অনা শিহৰণকাৰী দৃশ্য বন্দী CCTVত…

0 179

মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দেওবাৰে পোহৰলৈ আহিছে নুনমাটি গণেশ মন্দিৰ পথৰ পৰা ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা ।

স্কুটিত আগফালে উঠাই দিন দুপৰতে লৈ আহিল মৃতদেহ । নুনমাটি গণেশ মন্দিৰ ১৪নং উপপথত সংঘটিত হৈছে এই ভয়ানক ঘটনা ।শনিবাৰে সন্ধিয়া প্ৰায় ৫বজাত মৃতদেহ কঢ়িয়াই নিয়া দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত।

মৃতদেহটো প্ৰথমে ১২নম্বৰ উপপথত পেলোৱাৰ চেষ্টা কৰিছিল ধৃত দুৰ্বৃত্তই। পাছত স্থানীয় ৰাইজে দেখাত পুনৰ ১৪নম্বৰ পথলৈ লৈ যায় মৃতদেহ ।

হত্যাৰ বলি হোৱা লোকজনৰ নাম ৰোহিত দৰ্জী বুলি চিনাক্ত হৈছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। অৱশ্যে কোনে, কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Leave A Reply