Breaking

ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ একাংশ লাট মণ্ডলে এজনৰ মাটি আনজনৰ নামত কৰাৰ এক গুৰুতৰ অভিযোগ উখাপন হৈছে

0 1,044

এগৰাকী বৃদ্ধা মহিলাই প্ৰায় ২০ বছৰ ধৰি ধুবুৰী চক্ৰ বিষয়া কাৰ্য্যালয়ত ঘুৰি আছে যদিও লাট মণ্ডলে মহিলা গৰাকীৰ অভিযোগৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ ।মহিলা গৰাকীৰ প্ৰায় ২০ বিঘা মাটিত বেদখল ভূ মাফিয়াৰ।

অভিযোগ মতে টকা নিদিলে ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ লাট মণ্ডলে কাম নকৰে।উল্লেখযোগ্য যে গৌৰীপুৰৰ চাৰালডাংগাৰ বাসিন্দা হৈছে মহিলা গৰাকী।বৃদ্ধা মহিলাৰ ১০ বিঘা মাটি লাট মণ্ডলে বেলেগৰ নামত দিয়া এক গুৰুতৰ অভিযোগ উখাপন হৈছে।যেতিয়াই নিজা মাটি ডোখৰত যায় তেতিয়াই বেদখলকাৰীয়ে বৃদ্ধা মহিলা গৰাকীক মাৰপিট কৰি খেদি দিয়া বুলি জানিবলৈ দিয়ে ভুক্তভোগী বৃদ্ধা গৰাকীয়ে৷

এই সন্দৰ্ভত যোৱা ২০২১ চনৰ মাৰ্চ মাহত লিখিত অভিযোগ দাখিল কৰা হৈছে যদিওঁ ভুক্তভোগী মহিলা গৰাকীয়ে আজিলৈকে কোনোধৰণৰ গুৰুত্ব নোপোৱাত আজি ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত এক হুলস্থূলীয়া পৰিবেশ কৰি তোলে বৃদ্ধা মহিলা গৰাকীয়ে ৷

Leave A Reply